পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হ’ল এখন যাত্ৰীবাহী ফেৰি। মাজুলীৰ পৰা নিমাতী অভিমুখে যোৱা ৰাজলক্ষ্মী নামৰ ফেৰি খন আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত।
ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ থকা ফেৰিখনত ১৪ খন বাইক আৰু ৩৬ জন যাত্ৰীও আছে। বৰ্তমানো আবদ্ধ হৈ আছে ফেৰিখন। ব্ৰহ্মপুত্ৰত জলস্তৰ কমি অহাৰ বাবেই ফেৰি চলাচলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।