পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ। শেহতীয়াকৈ, শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰাৰ পিছত, বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে যথেষ্ট অহিংসা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। তাৰ মাজতে বুধবাৰে বাংলাদেশত পুনৰ ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হয় , যেতিয়া এটা বিশিষ্ট ছাত্ৰ গোটে দেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনৰ পদত্যাগ দাবী কৰে।তেওঁলোকে অভিযোগ কৰিছে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনে এনে ধৰণৰ কিছুমান মন্তব্য কৰিছিল যে যিটোৱে আগষ্ট মাহৰ পূৰ্বৰ ৰাষ্ট্ৰপতি শ্বেখ হাছিনাৰ পদত্যাগৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।যাক লৈ অন্তৱৰ্তীকালীন চৰকাৰে বৃহস্পতিবাৰে বিষয়টো আলোচনা কৰিবলৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। ‘বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন’ বুলি জনাজাত ছাত্ৰ দলটোৱে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনক পদ ত্যাগৰ বাবে দুদিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। মঙলবাৰে, ৰাজধানী ঢাকাত শ শ প্ৰতিবাদকাৰীৰে সমদল উলিওৱাৰ লগতে আন কিছুসংখ্যাক লোকে ৰাষ্ট্ৰপতিৰ বাসভৱনটো আক্ৰমণ কৰিবলৈ চেষ্টা চলাই। এই নতুন ৰাজনৈতিক অস্থিৰতাৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া শ্বাহবুদ্দিনে এখন বাংলা ভাষাৰ বাতৰি কাকতক কৈছিল যে “তেওঁ হাছিনাৰ পদত্যাগ পত্ৰ দেখা নাই।কাৰণ ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব লোৱা সেই আন্দোলনৰ মাজতেই শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিছিল। ৫ আগষ্টত হাছিনাই পদত্যাগ কৰাৰ পিছত, নবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ দায়িত্ব গ্ৰহণ কৰে আৰু বাংলাদেশত চৰকাৰ গঠন কৰে”। শ্বাহবুদ্দিনৰ এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো। সেয়ে তেওঁলোকে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনৰ পদত্যাগৰ দাবী কৰিছে।