পুনৰ অবৈধ সন্দেহজনক নাগৰিকৰ গৃহত চলিল বুলডজাৰ । এইবাৰ অসম – অৰুণাচল সীমান্তৰ শদিয়াত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বেদখল কৰি থকা অবৈধ লোকৰ বিৰুদ্ধে প্ৰশাসনে চলালে এই অভিযান ।
অঞ্চলটোত বহুতো অনৈতিক আৰু অবৈধ কাম চলি থকাৰো অভিযোগ স্থানীয় লোকৰ । শদিয়াৰ বিভিন্ন দল-সংগঠনে প্ৰশাসনৰ ওচৰত তথ্যসহ দাখিল কৰিছিল অভিযোগ । এই অভিযোগৰ ভিত্তিতেই প্ৰশাসনে চলালে উচ্ছেদ অভিযান ।
শদিয়াৰ শান্তিপুৰ ঘোৰামৰা অঞ্চলত সন্দেহজনক নাগৰিকৰ বাসগৃহত চলিছে এই উচ্ছেদ অভিযান ।