নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলটোৱে ০-৩ ৰ পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।এতিয়া ভাৰতীয় দলটো বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে।
এই ভ্ৰমণত, ভাৰতীয় দলে আয়োজক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিবলৈ গৈ আছে। টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ২২ নৱেম্বৰৰ পৰা পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
মেচৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এটা ভাল খবৰ আহিছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে মহম্মদ ছামিৰ।এবছৰৰ পিছত খেলপথাৰলৈ উভতিল মহম্মদ ছামি।
উভতিয়ে ছামিয়ে দিছে চমক। ৰঞ্জী ট্ৰফীৰ প্ৰথম খন খেলতে ৭টাকৈ উইকেট দখল খেলুৱৈগৰাকীৰ। বংগৰ হৈ মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলিছিল মেচ খন। কেৱল বলিঙৰেই নহয় বেটেৰেও চমক দেখুৱাইছে ছামিয়ে।
এই মেচখনত ২টা ছয় আৰু ২ টা চাৰিৰে ৩৭ ৰাণ কৰে ছামিয়ে।ৰঞ্জী ট্ৰফীৰ পিছতেই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীটো ছামিক দেখা পোৱাৰ সম্ভাৱনা আছে।
খবৰ অনুসৰি শীঘ্ৰেই ৰোহিত শৰ্মাৰ সৈতে অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব পাৰে ছামিয়ে।ছামিৰ আগমনে অধিক শক্তিশালী কৰিব ভাৰতক ।