১১ নৱেম্বৰ, ২০২৪ তাৰিখে দেশৰ প্ৰথমটো প্ৰিমিয়াম এয়াৰলাইন ভিষ্টাৰাই ইয়াৰ অন্তিম যাত্ৰা কৰিছে । কিয়নো ১২ নৱেম্বৰ, মঙলবাৰে, ভিষ্টাৰা এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰিত হ’ব । ২০১৩ চনত, টাটা গ্ৰুপে ছিংগাপুৰ এয়াৰলাইনছৰ সৈতে এক যৌথ উদ্যোগৰ জৰিয়তে বিমান খণ্ডত পুনৰ প্ৰৱেশ কৰে আৰু ৯ জানুৱাৰী, ২০১৫ তাৰিখে, ভিষ্টাৰাই দিল্লী আৰু মুম্বাইৰ মাজত ইয়াৰ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ।
ইণ্ডিগোক প্ৰত্যাহ্বান জনাবলৈ একত্ৰীকৰণ!
এই একত্ৰীকৰণৰ জৰিয়তে এয়াৰ ইণ্ডিয়া দেশৰ প্ৰথম পূৰ্ণ সেৱা বাহক হিচাপে পৰিগণিত হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় পথত এয়াৰ ইণ্ডিয়াৰ বজাৰ অংশীদাৰিত্ব ৫০ শতাংশৰ পৰা ৫৪ শতাংশলৈ, দুগুণতকৈও অধিক হ’ব । ইতিমধ্যে এয়াৰ ইণ্ডিয়াই ২৭ শতাংশ বজাৰ অংশীদাৰিত্বৰে আন্তঃৰাষ্ট্ৰীয় পথত আধিপত্য বিস্তাৰ কৰিছে । বৰ্তমান ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ মাৰ্কেট লীডাৰ ইণ্ডিগ’ যদিও এয়াৰ ইণ্ডিয়াই ইণ্ডিগ’ক প্ৰত্যাহ্বান জনাবলৈ ভিষ্টাৰৰ একত্ৰীকৰণৰ জৰিয়তে নিজকে শক্তিশালী কৰি তুলিছে ।
এয়াৰ ইণ্ডিয়াৰ সৈতে ভিষ্টাৰাৰ একত্ৰীকৰণৰ পিছত ইয়াৰ মুঠ ফ্লীটছৰ সংখ্যা ১৪৪খনৰ পৰা ২১৪খনলৈ বৃদ্ধি পাব । এয়াৰ ইণ্ডিয়াৰ কম খৰচী জাহাজ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত ৯০খন বিমান আছে আৰু কোম্পানীটোৱে বয়িং আৰু এয়াৰবাছৰ পৰা ৪৭০খন নতুন বিমানৰ অৰ্ডাৰ দিছে, যাৰ ডেলিভাৰী অতি সোনকালে আৰম্ভ হ’ব ।
ভিষ্টাৰত ৬.৫ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছিল-
১১ নৱেম্বৰত এই ব্ৰেণ্ড নামেৰে অন্তিমবাৰৰ বাবে বিমান চলাচল কৰা ভিষ্টাৰাই ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পথকে ধৰি ৫০টাতকৈও অধিক গন্তব্যস্থানলৈ বিমান চলায় । ইয়াৰে ভিষ্টাৰাৰ ১২খন দেশলৈ পোনপটীয়া বিমান সেৱা আছে । কোম্পানীটোৰ ৭০খন বিমান আছে । ২০১৫ চনৰ পৰা ৬.৫ কোটিৰো অধিক বিমান যাত্ৰীয়ে ভিষ্টাৰত উৰা মাৰিছে ।
যাত্ৰীসকলে লাভ কৰিব ব্যাপক সেৱা-
ভিষ্টাৰ এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰীকৰণৰ পিছতো ভিষ্টাৰ এয়াৰলাইনৰ নাম শেষ নহ’ব । একে নামেৰে বিমান সংস্থাটোৱে কাম কৰি যাব । কিন্তু, ইয়াৰ ক’ড সলনি হ’ব । ভিষ্টাৰা বিমান সংস্থাৰ ক’ড হ’ব এয়াৰ ইণ্ডিয়াৰ মতে । ভিষ্টাৰাৰ ফ্লাইট ক’ডত উপসৰ্গ হিচাপে ব্যৱহাৰ কৰা হ’ব AI ২ । ভিষ্টাৰাৰ ২.৫ লাখ গ্ৰাহকৰ টিকট এয়াৰ ইণ্ডিয়ালৈ স্থানান্তৰ কৰা হৈছে । যাত্ৰীসকলক ভিষ্টাৰাই প্ৰদান কৰা একে সেৱা প্ৰদান কৰা হ’ব য’ত বিমানৰ ভিতৰত কাটলাৰী মেনু অন্তৰ্ভুক্ত কৰা হৈছে ।