বলীউড অভিনেতা ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত সমগ্ৰ বলীউড সম্পূৰ্ণৰূপে হতবাক হৈ পৰিছে। এই সকলোবোৰ কেনেকৈ ঘটিছিল, সকলোৱে জানিব বিচাৰিছে।
কোনো দুৰ্বৃত্তই অভিনেতাজনক তেওঁৰ ঘৰতেই চুৰিৰে আক্ৰমণ কৰিছিল। এতিয়া ছেইফ আলী খানৰ পত্নী তথা চুপাৰষ্টাৰ কৰীণা কাপুৰ খানে এই বিষয়ত প্ৰথমবাৰলৈ মুখ খুলিছে।
অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক অৱগত কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে।পোষ্টটোত কৰীণাই ছেইফৰ অৱস্থাৰ বিষয়ে কৈছে।একে সময়তে, অনুৰাগীসকলক কিছু ধৈৰ্য্য ধৰিবলৈ অনুৰোধো কৰিছে।

কৰীণাই পোষ্টোত লিখিছিল যে, “এইটো আমাৰ পৰিয়ালৰ বাবে এটা অতি প্ৰত্যাহ্বানপূৰ্ণ দিন আছিল।আমি এতিয়াও প্ৰক্ৰিয়া কৰিবলৈ চেষ্টা কৰি আছো।আচৰিত হৈছো এই সকলোবোৰ কেনেকৈ ঘটিল।
এই কঠিন সময়ত, মই সংবাদ মাধ্যম আৰু পাপাৰাজিক কোনো ধৰণৰ উৰাবাতৰি নিবিয়পাবলৈ অনুৰোধ জনাইছো”।
তেওঁ লগতে লিখিছে যে “আমি আপোনালোকৰ উদ্বেগ বুজি পাওঁ।আপোনালোকে নিৰন্তৰ আপডেট প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰি থকা ধৰণে, এই সকলোবোৰ চোৱাটো আমাৰ বাবে এটা ডাঙৰ কথা।
আপোনালোক যিদৰে আমাৰ সুৰক্ষাৰ বিষয়ে চিন্তিত হৈ আছে, এইটো আমাৰ বাবে এটা ডাঙৰ কথা। কিন্তু মই আপোনালোক সকলোকে আমাৰ সীমাক সন্মান কৰিবলৈ অনুৰোধ কৰিব বিচাৰো।
আমাক কিছু স্পেচ দিয়ক যাতে আমাৰ পৰিয়ালটো ইয়াৰ পৰা বাহিৰলৈ ওলাব পাৰে। বস্তুবোৰ বুজি পাব পাৰো।আমাক বুজি পোৱাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰো আৰু এই সংবেদনশীল সময়ত আমাক সহায় কৰি আছে।