২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ ওপৰত চকু জ’কভিচৰ
সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া উইম্বলডনৰ ওপৰত চকু ৰাখিছে ন’ভাক জ’কভিচে । ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰাৰ লক্ষ্যৰে তেওঁ এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব । ৩৮ বছৰীয়া টেনিছ তাৰকাগৰাকীক অৱসৰৰ বিষয়ে সোধাত তেওঁ কয় যে এই বিষয়ে একো ক’ব নোৱাৰো ।
অৱসৰ ল’ব নেকি জ’কভিচে ?
জ’কভিচে কয়, ‘এইখন মোৰ শেষ গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা হ’ব পাৰে ? এই বিষয়ে মই বৰ্তমান নিশ্চিতভাৱে একো ক’ব নোৱাৰো । অহা বছৰ ফ্ৰেঞ্চ অ’পেন বা আন কোনো গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম নেকি সেয়া নিশ্চিত নহয় । মোৰ ইচ্ছা আৰু বহু বছৰ খেলা । মই শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ ফিট হৈ থাকিব বিচাৰো । এইটোৱেই মোৰ লক্ষ্য কিন্তু বয়সৰ এই পৰ্যায়ত আপুনি নিশ্চিতভাৱে একো ক’ব নোৱাৰে যে ইয়াৰ পিছত কি হ’ব ।’
প্ৰথম ৰাউণ্ডত জ’কভিচৰ মুখামুখি হ’ব আলেকজেণ্ডাৰ মুলাৰ-
সাতবাৰৰ উইম্বলডন চেম্পিয়ন জ’কভিচে কয় যে অল ইংলেণ্ড ক্লাবে তেওঁক আন এটা গ্ৰেণ্ড শ্লেমৰ একক খিতাপ জয় কৰাৰ সৰ্বোত্তম সুযোগ প্ৰদান কৰিব পাৰে, যাৰ ফলত তেওঁৰ কেৰিয়াৰৰ মুঠ খিতাপ ২৫টা জয় কৰিব । আচলতে এইটো এনে এটা সংখ্যা যিটো কোনো টেনিছ খেলুৱৈয়ে লাভ কৰিব পৰা নাই । জ’কভিচে কয়, ‘মই এই কথাত একমত হ’ব পাৰো যে উইম্বলডনত পুনৰ চেম্পিয়ন হোৱাৰ এইটোৱেই মোৰ সৰ্বোত্তম সুযোগ হ’ব পাৰে । পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এতিয়া মোৰ বৰ ভাল লাগিছে ।’ মঙলবাৰে প্ৰথম ৰাউণ্ডত আলেকজেণ্ডাৰ মুলাৰৰ বিৰুদ্ধে খেলিব জ’কভিচে ।
লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ এবছৰ সম্পূৰ্ণ… ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ’