২২ বছৰীয়া বৰ্ণময় কেৰিয়াৰৰ সমাপ্তি… টেনিছৰ পৰা অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ
টেনিছৰ পৰা অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ
ভাৰতীয় টেনিছ কিংবদন্তি ৰোহন বোপান্নাই অৱসৰ ঘোষণা কৰিছে । বোপান্নাই ১ নৱেম্বৰ শনিবাৰে এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি দুটা দশকৰো অধিক সময় ধৰি চলি থকা টেনিছ কেৰিয়াৰৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে । ৪৫ বছৰীয়া বোপান্নাৰ অন্তিমখন প্ৰতিযোগিতা আছিল পেৰিছ মাষ্টাৰছ ২০২৫, য’ত তেওঁ আলেকজেণ্ডাৰ বুবলিকৰ সৈতে যুটী বান্ধিছিল । এই প্ৰতিযোগিতাখনত ৩২ ৰাউণ্ডত জন পিয়ৰ্ছ আৰু জেমছ ট্ৰেচিৰ হাতত ৫-৭, ৬-২, ১০-৮ ব্যৱধানত পৰাস্ত হৈছিল বোপান্না আৰু বুবলিক ।
ৰোহন বোপান্নাই ইনষ্টাগ্ৰামত লিখিছে, “এটা বিদায়, কিন্তু শেষ নহয় । জীৱনক অৰ্থ প্ৰদান কৰা কিবা এটাক বিদায় দিয়াটো কঠিন । ২০টা অবিস্মৰণীয় বছৰৰ পিছত সময় আহি পৰিছে । মই আনুষ্ঠানিকভাৱে মোৰ ৰেকেট নমাই থৈছো । এইখিনি লিখি থাকোঁতে মোৰ হৃদয় গধুৰ আৰু কৃতজ্ঞতা দুয়োটাৰে ভৰি পৰিছে ।”
ৰোহন বোপান্নাই আৰু লিখিছে, “টেনিছ মোৰ বাবে কেৱল খেল নহয়, ই মোক জীৱনৰ উদ্দেশ্য প্ৰদান কৰিছে । হেৰাই যোৱাৰ সময়ত ই মোক শক্তি দিছে । ভাঙি যোৱাৰ সময়ত ই মোক আত্মবিশ্বাস দিছে । প্ৰতিবাৰেই ক’ৰ্টত ভৰি দিয়াৰ সময়ত এই খেলখনে মোক ধৈৰ্য্য, আবেগ আৰু পুনৰ উঠিবলৈ সাহস দিছে । যেতিয়া মই ভিতৰৰ গভীৰতাত কৈছিলো যে মই একো কৰিব নোৱাৰো, তেতিয়া টেনিছে মোক যুঁজিবলৈ শিকাইছে । সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই মোক সোঁৱৰাই দিছে যে মই কিয় আৰম্ভ কৰিলোঁ আৰু মই কোন ।”
পিতৃ-মাতৃৰ কথা উল্লেখ কৰি ৰোহন বোপান্নাই কয় যে তেওঁলোক তেওঁৰ প্ৰকৃত নায়ক । বোপান্নাই লিখিছে, “আপোনালোকে মোক মোৰ সপোন পূৰণ কৰিবলৈ প্ৰয়োজনীয় সকলোখিনি দিলে । আপোনালোকৰ ত্যাগ, আপোনালোকৰ নীৰৱ শক্তি আৰু আপোনালোকৰ অটল বিশ্বাসেই মোক ইয়াত ৰাখিছে ।” বোপন্নাই প্ৰতিটো খোজতে তেওঁৰ কাষত থিয় দি থকা তেওঁৰ ভগ্নী (ৰশ্মী), পত্নী (সুপ্ৰিয়া) আৰু কন্যা (ত্ৰিধা)ক ধন্যবাদ জনায় । বোপান্নাই তেওঁৰ প্ৰশিক্ষক, বন্ধু-বান্ধৱী, সহযোগী খেলুৱৈ, অনুৰাগীসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে ।
ৰোহন বোপান্নাই নিজৰ বিখ্যাত কেৰিয়াৰত দুটাকৈ গ্ৰেণ্ড শ্লেম ডাবলছ খিতাপ দখল কৰিছে । ২০১৭ চনৰ ফ্ৰেন্স অ’পেনত বোপান্নাই মিক্সড ডাবলছৰ খিতাপ দখল কৰে । বোপান্না আৰু গেব্ৰিয়েলা ডাব্ৰ’স্কিয়ে আন্না-লেনা গ্ৰ’নেফেল্ড আৰু ৰবাৰ্ট ফাৰাহক ২-৬, ৬-২, [১২-১০] ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ পিছত বোপান্নাই মেথিউ এবডেন (অষ্ট্ৰেলিয়া)ৰ সৈতে যুটী বান্ধি ২০২৪ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে । ৰোহন আৰু এবডেনে ইটালীৰ ছিমন বলেলি আৰু আন্দ্ৰে ভাভাছ’ৰীক ৭-৬ (০), ৭-৫ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ লগে লগে বোপান্নাই গ্ৰেণ্ড শ্লেম (Open Era) জয় কৰা আটাইতকৈ বয়সীয়াল পুৰুষ খেলুৱৈ হিচাপেও পৰিগণিত হয় ।
লগতে পঢ়ক : মহিলা ক্ৰিকেটে আজি লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন; ফাইনেলত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ যুঁজ
.On Time8, you can stay updated with the latest news and events from across India — the perfect read after an exciting game at Vavada
.