উইম্বলডনত ক্ৰিকেট তাৰকাৰ সমাহাৰ… কোহলীৰ পৰা ৰুট-এণ্ডাৰছনলৈকে দেখা গ’ল এইসকল তাৰকাক

উইম্বলডনত ক্ৰিকেট তাৰকাৰ সমাহাৰ

বৰ্তমান বছৰৰ তৃতীয়খন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা উইম্বলডন চলি আছে । ক্ৰিকেট জগতৰ বহু কিংবদন্তি এই প্ৰতিযোগিতালৈ আহিছে । সোমবাৰে ভাৰতীয় দলৰ কিংবদন্তি বেটছমেন বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে উপস্থিত হয় । তেওঁলোকৰ বাহিৰেও ক্ৰীড়া জগতৰ আন তাৰকাসকলকো এই প্ৰতিযোগিতাত উপস্থিত থকা পৰিলক্ষিত হয় ।

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা-

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী সোমবাৰে ন’ভাক জ’কভিচ আৰু এলেক্স ডি মিনাউৰৰ মাজত অনুষ্ঠিত খেলখন চাবলৈ উপস্থিত হয় । তেওঁৰ লগতে পত্নী অনুষ্কা শৰ্মাকো দেখা যায় । ১-৬, ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত এই মেচত জয়লাভ কৰি জ’কভিচ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । ছাৰ্বিয়াৰ এই কিংবদন্তি খেলুৱৈগৰাকীয়ে ৬৩ সংখ্যকবাৰৰ বাবে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব । জ’কভিচৰ খেল দেখি মোহিত হয় বিৰাট কোহলী । মেচখনৰ পাছত কোহলীয়ে ইনষ্টাগ্ৰামত জ’কভিচক প্ৰশংসা কৰে । কিং কোহলীয়ে লিখিছে, ‘কি মেচ! গ্লেডিয়েটৰ (জোকভিচ)ৰ বাবেও সদায়ৰ দৰেই সাধাৰণ কথা আছিল ।’

জো ৰুট আৰু কেৰী কট্ৰেল-

ইংলেণ্ডৰ তাৰকা বেটছমেন জো ৰুটক বৰ্তমান ভাৰতৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টেষ্ট শৃংখলাত খেলা দেখা গৈছে । অৱশ্যে তেওঁ পত্নী কেৰী কট্ৰেলৰ সৈতে উইম্বলডন উপভোগ কৰিবলৈ সময় উলিয়াইছে । ইয়াৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এতিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয়খন টেষ্টত খেলা দেখা যাব ৰুটক ।

জেমছ এণ্ডাৰছন আৰু ডেনিয়েলা লয়ড এণ্ডাৰছন-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা মহান বলাৰ জেমছ এণ্ডাৰছনো উইম্বলডনত উপস্থিত হয় । তেওঁৰ সৈতে তেওঁৰ পত্নী ডেনিয়েলা লয়ড এণ্ডাৰছনকো দেখা যায় । ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ ছবি ।

বেন ষ্টোকছ-ক্লেয়াৰ ৰেটক্লিফ

ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছো ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ পৰা সময় উলিয়াই উইম্বলডন উপভোগ কৰে । তেওঁৰ সৈতে তেওঁৰ পত্নী ক্লেয়াৰ ৰেটক্লিফকো দেখা গৈছিল । বৰ্তমান দুয়োটা দলৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমতাত আছে । ১০ জুলাইৰ পৰা লৰ্ডছত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট ।

ব্রায়ান লাৰা আৰু ঋষভ পন্ট-

ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰা আৰু ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো উইম্বলডনত উপস্থিত হয় ৷ এই সময়ছোৱাত দুয়োকে চুট আৰু বুট পিন্ধা দেখা গৈছিল ।

লগতে পঢ়ক : লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ ওপৰত চকু জ’কভিচৰ; সোমবাৰৰ পৰা আৰম্ভ হ’ব উইম্বলডন

২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ ওপৰত চকু জ’কভিচৰ

সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া উইম্বলডনৰ ওপৰত চকু ৰাখিছে ন’ভাক জ’কভিচে । ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰাৰ লক্ষ্যৰে তেওঁ এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব । ৩৮ বছৰীয়া টেনিছ তাৰকাগৰাকীক অৱসৰৰ বিষয়ে সোধাত তেওঁ কয় যে এই বিষয়ে একো ক’ব নোৱাৰো ।

অৱসৰ ল’ব নেকি জ’কভিচে ?

জ’কভিচে কয়, ‘এইখন মোৰ শেষ গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা হ’ব পাৰে ? এই বিষয়ে মই বৰ্তমান নিশ্চিতভাৱে একো ক’ব নোৱাৰো । অহা বছৰ ফ্ৰেঞ্চ অ’পেন বা আন কোনো গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম নেকি সেয়া নিশ্চিত নহয় । মোৰ ইচ্ছা আৰু বহু বছৰ খেলা । মই শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ ফিট হৈ থাকিব বিচাৰো । এইটোৱেই মোৰ লক্ষ্য কিন্তু বয়সৰ এই পৰ্যায়ত আপুনি নিশ্চিতভাৱে একো ক’ব নোৱাৰে যে ইয়াৰ পিছত কি হ’ব ।’

প্ৰথম ৰাউণ্ডত জ’কভিচৰ মুখামুখি হ’ব আলেকজেণ্ডাৰ মুলাৰ-

সাতবাৰৰ উইম্বলডন চেম্পিয়ন জ’কভিচে কয় যে অল ইংলেণ্ড ক্লাবে তেওঁক আন এটা গ্ৰেণ্ড শ্লেমৰ একক খিতাপ জয় কৰাৰ সৰ্বোত্তম সুযোগ প্ৰদান কৰিব পাৰে, যাৰ ফলত তেওঁৰ কেৰিয়াৰৰ মুঠ খিতাপ ২৫টা জয় কৰিব । আচলতে এইটো এনে এটা সংখ্যা যিটো কোনো টেনিছ খেলুৱৈয়ে লাভ কৰিব পৰা নাই । জ’কভিচে কয়, ‘মই এই কথাত একমত হ’ব পাৰো যে উইম্বলডনত পুনৰ চেম্পিয়ন হোৱাৰ এইটোৱেই মোৰ সৰ্বোত্তম সুযোগ হ’ব পাৰে । পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এতিয়া মোৰ বৰ ভাল লাগিছে ।’ মঙলবাৰে প্ৰথম ৰাউণ্ডত আলেকজেণ্ডাৰ মুলাৰৰ বিৰুদ্ধে খেলিব জ’কভিচে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ এবছৰ সম্পূৰ্ণ… ৰোহিত শৰ্মাই শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ’