ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা বৰ্তমানৰ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ।সোমবাৰে সংবাদ মাধ্যমৰ আগত হঠাতেই এই মন্তব্য প্ৰকাশ কৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ গাৰীকয়ে। তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে “আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনতেও তেওঁৰ পৰিয়ালৰ পৰা কোনেও প্ৰতিদ্বন্দিতা নকৰে”। ফণীভূষণ চৌধুৰীয়ে লগতে কয় যে “বঙাইগাঁওবাসী ৰাইজে তেওঁৰ পত্নীক প্ৰাৰ্থী হিচাপে বিচৰাৰ মূল কাৰণ হ’ল ফণীভূষণ চৌধুৰীৰ আধৰুৱা কাম সমূহ যাতে সম্পূৰ্ণ হয় সেইবাবেহে ৰাইজে বিচাৰিছে তেওঁৰ পত্নীক”।আৰু নিৰ্বাচন নেখেলে যদিও মৃত্যুৰ আগমূহুৰ্ত পৰ্যন্ত অগপ দলৰ হৈ সেৱা আগবঢ়োৱাৰ লগতে বঙাইগাঁৱৰ ৰাইজৰ বাবে কাম কৰি যাব বুলি ও তেওঁ কয়।