পকা চুলি হৈছে বয়স বৃদ্ধিৰ লক্ষণ । কিন্তু বৰ্তমান সময়ত সৰু ডাঙৰ সকলোৰে চুলি পকা দেখিবলৈ পোৱা যায়। এই পকা চুলি ক’লা কৰিবৰ বাবে বহু সময়ত দোকানৰ পৰা বিভিন্ন এমনিয়া যুক্ত ৰং ক্ৰয় কৰি চুলিত লগোৱা হয়।

অৱশ্যে ইয়াৰ দ্বাৰা পকা চুলি স্থায়ীকৈ ক’লা কৰিব পৰা নাযায়। কিন্তু ইয়াৰ সলনি ঘৰটো প্ৰাকৃতিক উপায়েৰে আপুনি পকা চুলি ক’লা কৰিব পাৰে।
নৰসিংহ পাত
চুলি ক’লা কৰিবলৈ আমাৰ সকলোৰে ঘৰতে সহজে উপলব্ধ নৰসিংহ পাত অতি সহজে ব্যৱহাৰ কৰিব পাৰি।নৰসিংহ পাত ব্যৱহাৰ কৰাৰ বাবে ২ চাহ চামুচ আমলখি গুৰি, ২ চাহ চামুচ ব্ৰাহ্মী গুৰিৰ সৈতে ২ চামুচ নৰসিংহ পাতৰ গুৰি মিহলি কৰক।

এই গোটেইখিনি পানীৰ সৈতে ভালকৈ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পৰাকৈ এটা পেষ্ট তৈয়াৰ কৰক। এই পেষ্টটো প্ৰায় এঘণ্টাৰ বাবে চুলিত প্ৰয়োগ কৰক আৰু তাৰ পিছত ইয়াক ধুই দিয়ক।
জবা ফুল
জৱাব ফুল চুলিৰ বাবে অতি উপকাৰী।জৱাব ফুলে চুলি গজাত সহায় কৰিবলৈ আৰু চুলি সৰাৰ সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয়।

ইয়াৰ বাবে কেইটামান জৱাব ফুল ৰাতিটো পানীত তিয়াই থ’ব। পিছদিনা ৰাতিপুৱা এই পানীৰে চুলি ধুব। ইয়াক জেতুকা পাতৰ সৈতে মিহলি কৰিও চুলিত প্ৰয়োগ কৰিব পাৰি।
আমলখি
চুলিৰ বাবে আমলখি হৈছে এক সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক প্ৰতিকাৰ। আমলখিত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যিয়ে চুলিত পুষ্টি প্ৰদান কৰে ।

পকা চুলি ক’লা কৰিবৰ বাবে আমলখি গুড়ি কৰি চুলিত লগাব পাৰে। আমলখিৰ ৰস খোৱাটোও চুলিৰ বাবে উপকাৰী।
মেথি
মেথি গুটি গুৰি কৰি ৩-৪টা আমলখিৰ ৰস আৰু নাৰিকল তেল মিহলি কৰি পেষ্ট এটা বনাওক। এই পেষ্টটো চুলিত ভালকৈ লগাই এঘণ্টা ৰখাৰ পিছত ধুই দিয়ক।

সপ্তাহত এবাৰ এই পেষ্টটো হেয়াৰ মাস্ক হিচাপে প্ৰয়োগ কৰক।পাৰ্থক্য নিজেই দেখিবলৈ পাব।