নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ৯৯ ৰান সংগ্ৰহ কৰি আউট হৈ ভাৰতৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট শতক অৰ্জনৰ পৰা বঞ্চিত হয় । এইদৰে টেষ্টত সপ্তমবাৰৰ বাবে নাৰ্ভাছ ৯০ৰ বলি হৈছে পণ্ট । চতুৰ্থ দিনা বেটিং কৰিবলৈ অহা পণ্টে চতুৰ্থ উইকেটৰ বাবে ছৰফৰাজ খানৰ সৈতে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি ভাৰতক বিপদৰ পৰা মুক্ত কৰ । কেৱল পন্ত আৰু ছৰফৰাজৰ অংশীদাৰিত্বৰ ভিত্তিত দ্বিতীয় ইনিংছত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলে ।
শনিবাৰে নিউজীলেণ্ডৰ বলাৰসকলক তীব্ৰ প্ৰহাৰ কৰিছিল ছৰফৰাজ আৰু পণ্টে । এই সময়ছোৱাত পণ্টে আক্ৰমণাত্মক বেটিং কৰি দ্বাদশ অৰ্ধশতক সম্পূৰ্ণ কৰে । কেৱল এয়াই নহয়, টেষ্টত ২৫০০ ৰান সম্পূৰ্ণ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় উইকেট কীপাৰ বেটছমেন হিচাপে পৰিগণিত হয় পণ্ট । পণ্টে শতকৰ দিশে আগবাঢ়িছিল যদিও ৯৯ ৰানৰ স্ক’ৰত উইলিয়াম অ’ৰ’ৰ্কে বলত আউট হৈ শতক বঞ্চিত হয় ।
টেষ্টত সপ্তমবাৰৰ বাবে নাৰ্ভাছ ৯০ৰ বলি হোৱা পণ্টে সৰ্বাধিক বাৰ ৯০ ৰান কৰা তৃতীয়জন ভাৰতীয় বেটছমেন । টেষ্টত সৰ্বাধিক বাৰ ভাৰতৰ হৈ শতক হেৰুওৱাৰ অবাঞ্চিত অভিলেখ শচীন টেণ্ডুলকাৰৰ নামত আছে, যিয়ে নিজৰ কেৰিয়াৰত মুঠ ১০ বাৰ নাৰ্ভাছ ৯০ৰ বলি হৈছে । একে সময়তে দলটোৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৯ বাৰ শতক অৰ্জন কৰাত ব্যৰ্থ হৈছে ।
টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক নাৰ্ভাছ ৯০ৰ বলি হোৱা বেটছমেন-
শচীন তেণ্ডুলকাৰ – ১০
ৰাহুল দ্ৰাবিড় – ০৯
ঋষভ পন্ত – ০৭
সুনীল গাভাস্কাৰ – ০৫
মহেন্দ্ৰ সিং ধোনী – ০৫
বীৰেন্দ্ৰ ছেহৱাগ – ০৫ট
৯৯ ৰানত আউট হোৱা দশম ভাৰতীয়-
টেষ্টত ৯৯ ৰানত আউট হোৱা দশম ভাৰতীয় বেটছমেন পণ্ট আৰু প্ৰাক্তন কিংবদন্তি বেটছমেন সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে খেলুৱৈৰ অবাঞ্চিত তালিকাত যোগদান কৰিছে । গাংগুলী আৰু ধোনীও টেষ্টত ৯৯ ৰান সংগ্ৰহ কৰি আউট হৈছে । টেষ্টত দুবাৰকৈ ৯৯ ৰানত আউট হৈছে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী । ১৯৯৭ চনত নাগপুৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত তেওঁ ৯৯ ৰাণত আউট হোৱাৰ বিপৰীতে ২০০২ চনত ট্ৰেণ্ট ব্ৰীজত ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত গাংগুলীয়েও এটা ৰানৰ বাবে শতক বঞ্চিত হৈছিল ।