আমাৰ শৰীৰৰ কাৰ্যকলাপৰ বাবে কলেষ্টেৰল অতি গুৰুত্বপূৰ্ণ । কিন্তু যদি শৰীৰত ইয়াৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেন্তে ই শৰীৰৰ বাবে বিশেষকৈ হৃদযন্ত্ৰৰ বাবে অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে । কলেষ্টেৰল হৈছে এনে এক প্ৰকাৰৰ ফেট যাৰ অত্যধিক বৃদ্ধিয়ে শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে । বেয়া বা কলেষ্টেৰল বৃদ্ধি হ’লে ষ্ট্ৰোক, হাৰ্ট এটেক, টাইপ ২ ডায়েবেটিছ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।
হাৰ্ট এটেক আৰু ষ্ট্ৰোক হৈছে মাৰাত্মক ৰোগ । যদি আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰে তেন্তে শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত জানক কোনবোৰ খাদ্য, যিবোৰৰ বাবে বেয়া কলেষ্টেৰল বৃদ্ধিৰ আশংকা অতি বেছি ।
প্ৰচেছড খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰে-
আজিকালি বজাৰত উপলব্ধ পেক কৰা খাদ্য খোৱাৰ ধাৰাটো যথেষ্ট সাধাৰণ হৈ পৰিছে যিটো শৰীৰৰ বাবে একেবাৰেই ভাল নহয় । পেক কৰা খাদ্য এনেদৰে প্ৰক্ৰিয়াকৰণ কৰা হয় যাতে ই সোনকালে নষ্ট নহয়, এনে খাদ্যত অধিক পৰিমাণৰ ট্ৰেন্স ফেট আৰু ছডিয়াম থাকে যিয়ে শৰীৰত কলেষ্টেৰল আৰু ৰক্তচাপৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে । এনে পৰিস্থিতিত যদি আপুনি প্ৰচেছড খাদ্য খায়, তেন্তে তৎক্ষণাত ইয়াৰ সেৱন সীমিত কৰিব লাগে ।
মিঠা খাদ্য-
মিঠা খাদ্য শৰীৰৰ বাবে অতি ক্ষতিকাৰক । চেনিযুক্ত বস্তু খালে শিৰাত থকা বেয়া কলেষ্টেৰল বৃদ্ধি পায়, যাৰ ফলত পিছলৈ আন বহুতো ৰোগ হয় । যদি আপুনি প্ৰতিদিনে কেক, কুকিজ, শ্বেক আৰু মিঠাই সেৱন কৰে, তেন্তে লগে লগে আপোনাৰ অভ্যাস সলনি কৰক ।
ধূমপান-
সকলো জ্ঞাত যে, ধূমপান স্বাস্থ্যৰ বাবে ভাল নহয় । কিন্তু লগতে আপুনি জানেনে যে ই শৰীৰত থকা ভাল কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু বেয়া কলেষ্টেৰল বৃদ্ধি কৰে । গতিকে যদি আপোনাৰ ইতিমধ্যে উচ্চ কলেষ্টেৰলৰ সমস্যা আছে, তেন্তে ধুম্ৰপান কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰক ।