মেষ ৰাশি-মনত ভাৰাসাম্য ৰক্ষা পৰিব। কৰ্মনিষ্ঠা বৃদ্ধি পাব। দু:সাহস নকৰিব। পৰিয়ালৰ কোনো লোকৰ পৰা কষ্ট পাব। আৰ্থিকবাৱে সৱল হ’ব। আজি কথা কওতে অলপ সাৱধান হ’ব ৷ কোনোধৰণৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা নাই ৷ আপুনি খোজ কাঢ়োতে সাৱধান হ’ব ৷ শৰীৰটোৰ ভালদৰে যত্ন লওক আৰু পুৰণি অসুবিধাবোৰক আওকাণ নকৰিব ৷শুভ ৰং ৰূপালী।
বৃষ ৰাশি- শক্তি চাই ভক্তি কৰক। ৰাজ আতিথ্য লাভ কৰিব। কৰ্মত নিষ্ঠা বৃদ্ধি পাব। অযথা কোনো কথাক লৈ খং নকৰিব। ব্যৱসায়ী সকলে ধন বিনিয়োগ কৰিলে লাভান্বিত হ’ব। বাহন ক্ৰয়ৰ চিন্তা কৰি আছে যদি অতি শীঘ্ৰই সেই আশা সফল হ’ব। শনি মন্দিৰ দৰ্শন কৰিব পাৰে। বাটৰ কুকুৰক খাদ্য খুৱালে বৃত্তিয় সমস্যাৰ সমধান পাব। শুভ ৰং মুগা।
মিখুন ৰাশি- ভগৱান গণেশৰ আপোনাৰ ওপৰত অসীম কৃপা বৰ্ষণ কৰিব ৷প্ৰভাৱশালী লোকৰ সান্নিধ্য পাব। শৈশৱৰ কোনো বন্ধুক আজি লগ পাব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা অধিক।নিৰ্ভয়ে থাকক, চাৰিও দিশৰ পৰা আপোনাৰ ওপৰত লাভ বৰ্ষা হ’ব ৷ আপোনাৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক স্থায়ী হ’ব ৷ প্ৰিয়জনৰ পৰা বিচৰা ভাল খবৰ লাভ কৰাৰ উৎকৃষ্ঠ সময় ৷শুভ ৰং বগা।
কৰ্কট ৰাশি- গুৰুৰ কৃপাত কাৰ্য সিদ্ধি হ’ব। আজি অযথা কাৰোৰে লগতে কাজিয়া নকৰিব। দীৰ্ঘদিনিয়া ৰোগৰ পৰা সকাহ পাব। বুদ্ধিৰ বিকাশ পাব। পৰিয়ালৰ লগত ভ্ৰমণৰ যোগ আছে। কাৰ্যালয়ত সহকৰ্মীৰ সৈতে মতানৈক্য হ’ব পাৰে। ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ঘৰলৈ আলহী অতিথিৰ আগমন ঘটিব ৷শুভ ৰং আকাশী।
সিংহ ৰাশি-ধৈৰ্য আৰু বুদ্ধিৰ বিকাশ হ’ব। পুৰণি শত্ৰুয়ে সুযোগ লাভ কৰিব পাৰে। মাটিবাৰীৰ সংয়োগ ঘটিব। খৰছৰ মাত্ৰা বৃদ্ধি পাব। কামত মনোযোগ দিয়ক, কিন্তু তাৰ লগে লগে শৰীৰৰ যত্ন লওক ৷বাহিৰৰ খাদ্য গ্ৰহণ নকৰিব ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থাকক ৷ সদ্যহতে নতুনকৈ আৰম্ভ কৰিব লগা কামৰ পৰা আঁতৰি থাকক ৷শুভ ৰং পাতল হালধীয়া।
কন্যা ৰাশি- কোনো কথাক লৈ আনে আপোনাক ভৰষা কৰিব। মধুমেহ ৰোগীৰ বাবে দিনটো ভালে নাযাব পাৰে। ঘৰত মহানিমৰ গছ ৰোপন কৰিব পাৰে। কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময় ৷ আজি কথা কওতে অলপ সাৱধান হ’ব ৷ মানসিকভাবে শান্তি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ শুভ ৰং নীলা।
তুলা ৰাশি- ভগৱান গণেশে সুখ আৰু সমৃদ্ধি বৰ্ষণ কৰিব ৷ আপোনাৰ পুৰণি বন্ধু বা আপুনি ভাল পোৱা ব্যক্তিসকলৰ সান্নিধ্যই আপোনাক উৎসাহিত কৰিব ৷ প্ৰেমৰ বাবে সঠিক সময় ৷ আপুনি সু-স্বাস্থ্য আৰু শান্তিত থাকিব ৷আজি নিৰামিষ খাদ্য কাব। শনি মন্দিৰ দৰ্শন কৰিব পাৰে। শত্ৰু প্ৰদানত হ’ব। হঠাৎ কোনো বেয়া খবৰ লাভ কৰিব পাৰে। শুভ ৰং পাতল কমলা।
বৃশ্চিক ৰাশি- গণেশ ভগৱানৰ কৃপাত আপোনাৰ বাবে উত্তম দিন ৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা কষ্টৰ ফল লাভ কৰিব ৷ পূৰ্বৰ নিৰ্ধাৰিত কোনো আলোচনাৰ পৰা আপুনি উপকৃত হ’ব ৷ কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময় ৷ হাতলৈ হঠাৎ ধন আহিব পাৰে। ভ্ৰমণৰ যোগ। কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ’ভ। শুভ ৰং মটীয়া।
ধনু ৰাশি- আনৰ সমাদৰ লাভ কৰিব।দূৰ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে সুগম নহয় ৷ ফল লাভত পলম হ’ব ৷ খঙৰ ওপৰত সংযম ৰাখক ৷ গম্ভীৰ আলোচনাৰ পৰা পৰিত্ৰান পাব ৷ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো স্থগিত ৰাখক । শুভ ৰং গুলপীয়া।
মকৰ ৰাশি-সামাজিক দিশক উৎকৰ্ষ সাধন হ’ব। যাকে তাকে সংগ নিদিব। আজি বাহিৰৰ খাদ্য নাথাব। সময় আপোনাৰ বিপৰীতে বৈ আছে ৷ স্বাভাৱিকতেই এনে অবস্থাত আপুনি অলপ মানসিক অশান্তিত ভূগি আছে ৷ পৰিয়াল, ভাতৃ বা বন্ধুৰ সানিধ্যই আপোনাক পূণৰ উজ্জীৱিত কৰি তুলিব ৷ধৰ্মীয় যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব। শুভ ৰং ৰঙা।
কুম্ভ ৰাশি- দিনটো উদ্যম, সাহস মজুত থাকিব। দৰিদ্ৰ লোকক সহায় কৰক।খৰচৰ ক্ষেত্ৰত সাৱধান হওক ৷ কাৰো পৰা ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক ৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত উগ্ৰতা পৰিহাৰ কৰক ৷ আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকুৱে আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । শুভ ৰং পাতল নীলা।
মীন ৰাশি- কৰ্মত নিষ্ঠা, দক্ষতা আৰু সততা বৃদ্ধি পাব। শত্ৰু কমিব। যিকোনো খাদ্যৰ প্ৰতি লোভ কমাওক। আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব । শুভ ৰং বগা।