গাব্বা টেষ্টত ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহ আৰু আকাশদীপৰ যুটিয়ে । এই যুটীয়ে বেটিঙত এনে এক আশ্চৰ্যকৰ কাম কৰে, যিটো একবিংশ শতিকাত পূৰ্বে কোনেৱে কৰিব পৰা নাছিল । চতুৰ্থ দিনত ষ্টাম্পত দশম উইকেটৰ বাবে বুমৰাহ আৰু আকাশে ৩৯*(৫৪) ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে গাব্বা টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব আছিল ১৯৯১ চনত, যিটো মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথে কৰিছিল ।
বুমৰাহ আৰু আকাশদীপৰ পূৰ্বে গব্বা টেষ্টত ভাৰতৰ হৈ দশম উইকেটৰ সৰ্ববৃহৎ অংশীদাৰিত্ব আছিল ৩৩ ৰান, যিটো আছিল মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথৰ মাজত । এতিয়া বুমৰাহ আৰু আকাশদীপে ৩৯* ৰানৰ অংশীদাৰিত্ব গঢ়ি এই অভিলেখ ভংগ কৰিছে । চতুৰ্থ দিনৰ শেষত অপৰাজিত হৈ উভতি আহে বুমৰাহ আৰু আকাশ ।
গাব্বা টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব-
-যশপ্ৰীত বুমৰাহ আৰু আকাশদীপ- ৩৯* ৰান (২০২৪)
-মনোজ প্ৰভাকৰ আৰু জাভাগল শ্ৰীনাথ- ৩৩ ৰান (১৯৯১)
-মোটাগনহল্লী জয়সিংহ আৰু উমেশ কুলকাৰ্ণী – ২২ ৰান (১৯৬৮)
-ভেংকটাপথী ৰাজু আৰু জাভাগল শ্ৰীনাথ – ১৪ ৰান (১৯৯১)
-ঈশান্ত শৰ্মা আৰু উমেশ যাদৱ – ১৪ ৰান (২০১৪)
ফ’ল’ অনৰ পৰা ৰক্ষা পৰিল ভাৰত-
চাৰিদিনৰ পিছত খেলখনৰ অৱস্থা
এই পৰ্যন্ত বৰষুণৰ ফলত গাব্বা টেষ্টত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । বৰষুণৰ বাবে প্ৰথম দিনাই মাত্ৰ ১৩.২ অভাৰহে খেলিব পৰা গ’ল । ইয়াৰ পিছত দ্বিতীয় দিনা সম্পূৰ্ণ খেল খেলা হয় আৰু তৃতীয় দিনাও বৰষুণে সমস্যাৰ সৃষ্টি কৰে যাৰ বাবে সম্পূৰ্ণ দিনটোৰ খেল খেলিব পৰা নগল । ইয়াৰ পিছত বৰষুণে চতুৰ্থ দিনতো অসুবিধা বৃদ্ধি কৰিলে ।
এটা সময়ত ভাৰতে ফ’ল’ অনৰ সন্মুখীন হ’ব যেন লাগিছিল, কিন্তু যশপ্ৰীত বুমৰাহ আৰু আকাশদীপৰ মাজৰ উজ্জ্বল অংশীদাৰিত্বই দলটোক ফ’ল’ অনৰ পৰা ৰক্ষা কৰে । চতুৰ্থ দিনৰ শেষলৈকে দুয়োজনে দশম উইকেটৰ বাবে ৩৯* ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছে ।
চতুৰ্থ দিনৰ শেষলৈকে টিম ইণ্ডিয়াই ২৫২/৯ ৰান সংগ্ৰহ কৰিছে । দলৰ হৈ বুমৰাহ আৰু আকাশদীপে অপৰাজিত হৈ উভতি আহে । এতিয়া ভাৰতীয় দলটো ১৯৩ ৰান পিছ পৰি আছে । উল্লেখযোগ্য যে মেচখনত প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়াই ব’ৰ্ডত ৪৪৫/১০ ৰান সংগ্ৰহ কৰে ।