নতুন বছৰৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলে এতিয়া নিজৰ নতুন অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০২৫ চন ছিডনী টেষ্টৰ জৰিয়তে আৰম্ভণি কৰিব । এই মেচখন ৩ জানুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ।
প্ৰকৃততে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে, য’ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈ আছে । বৰ্তমান আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব শেষ আৰু নিৰ্ণায়ক টেষ্ট ।
ছিডনীৰ একমাত্ৰ টেষ্টত ভাৰতে কেতিয়া জয়লাভ কৰিছিল ?
আগন্তুক টেষ্টৰ পূৰ্বে জানি থওক যে এই খেলপথাৰত ভাৰতীয় দলৰ অভিলেখ অতি ভয়ংকৰ । এই খেলপথাৰত এতিয়ালৈকে মাত্ৰ এখন টেষ্ট মেচতহে জয়ী হৈছে ভাৰত, সেইখনো ৪৭ বছৰৰ পূৰ্বে । অৰ্থাৎ এইবাৰ ছিডনীত যদি ৰোহিত ব্ৰিগেডে জয়লাভ কৰে তেন্তে ৪৭ বছৰৰ লজ্জাজনক অভিলেখ ভংগ হ’ব ।
ভাৰতীয় দলটোৱে এই পৰ্যন্ত ছিডনী খেলপথাৰত মুঠ ১৩খন টেষ্ট খেলিছে । ইয়াৰে মাত্ৰ ১খনত জয়ী হোৱাৰ বিপৰীতে ৫খনত পৰাস্ত হৈছে ভাৰত । অৰ্থাৎ ৭ খন টেষ্ট ড্ৰ’ত সমাপ্ত হৈছে । ১৯৭৮ চনৰ জানুৱাৰী মাহত ছিডনীত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচত টিম ইণ্ডিয়াই জয়লাভ কৰিছিল । এই টেষ্টত বিষেন সিং বেদীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে কেংগাৰু দলক এক ইনিংছ আৰু ২ ৰাণত পৰাস্ত কৰে । এই সময়ত টেষ্ট ছয় দিন পৰ্যন্ত চলিছিল আৰু মাজত জিৰণিৰ দিন আছিল ।
ছিডনীত ভাৰতীয় টেষ্ট দলৰ অভিলেখ-
মুঠ টেষ্ট : ১৩
জয়ী : ১
পৰাস্ত: ৫
ড্ৰ’: ৭
নৱবৰ্ষৰ টেষ্ট হিচাপে ছিডনীত ১১খন খেল অনুষ্ঠিত হৈছিল-
উল্লেখ্য যে ভাৰতীয় দলটোৱে ছিডনীৰ এই খেলপথাৰত ১৩খন খেলৰ ভিতৰত ১১খন মেচ নৱবৰ্ষৰ টেষ্ট হিচাপে খেলিছে । এখন টেষ্ট ২৬ জানুৱাৰীৰ পৰা আৰু আনখন ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল । ভাৰতীয় দলটোৱে ১৯৪৭ চনৰ ১২ ডিচেম্বৰত ছিডনীত প্ৰথম টেষ্ট খেলিছিল । ১৯৬৮ চনৰ ২৬ জানুৱাৰীত দ্বিতীয়খন খেলিছিল । ইয়াৰ পিছত ইয়াত খেলা সকলো মেচ কেৱল নৱবৰ্ষৰ টেষ্ট হৈ আহিছে ।
চলিত শৃংখলাত মাত্ৰ এখন টেষ্ট জিকিছে ভাৰতে-
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত চলি থকা বৰ্তমান ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি দুৰ্বল । এই পৰ্যন্ত দলটোৱে মাত্ৰ এখন টেষ্টত জয়লাভ কৰিছে । এই জয় শৃংখলাৰ প্ৰথম টেষ্ট অৰ্থাৎ পাৰ্থ টেষ্টত লাভ কৰিছিল । ইয়াৰ পিছত পৰৱৰ্তী ৩ খন মেচৰ ভিতৰত ২ খনত পৰাস্ত হয় । এতিয়া যদি তেওঁলোক ছিডনী টেষ্টতো পৰাস্ত হয়, তেন্তে ছিৰিজত পৰাস্ত হোৱাৰ লগতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলৰ পৰাও বাহিৰ হ’ব ।
টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ অভিলেখ-
মুঠ টেষ্ট ছিৰিজ: ২৮
ভাৰতৰ জয়লাভ: ১১
অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২
ড্ৰ’: ৫