বেংগালুৰু টেষ্টত নিউজীলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে টিম ইণ্ডিয়া । দেওবাৰে বেংগালুৰুত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ পঞ্চম আৰু অন্তিম দিনা নিউজীলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে নিউজীলেণ্ডে ৩৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত টেষ্ট মেচত জয়লাভ কৰাৰ অভিলেখ গঢ়ে ।
১৯৮৯ চনত মুম্বাইত ভাৰতত অনুষ্ঠিত হোৱা অন্তিমখন টেষ্ট মেচত নিউজীলেণ্ডে জয়লাভ কৰিছিল । বেংগালুৰু টেষ্টত জয়ী হ’বলৈ নিউজীলেণ্ডৰ লক্ষ্য আছিল মাত্ৰ ১০৭ ৰান, যিটো সহজেই অতিক্ৰম কৰিছিল । তিনিখন মেচৰ টেষ্ট শৃংখলাত এতিয়া ১-০ ব্যৱধানত আগবাঢ়ি আছে নিউজীলেণ্ড । শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ অহা ২৪ অক্টোবৰৰ পৰা পুনেত অনুষ্ঠিত হ’ব । বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়ৰ ৫টা ডাঙৰ কাৰণ আছিল । জানক ভাৰতৰ পৰাজয়ৰ ৫টা কাৰণ-

মেঘাচ্ছন্ন পৰিস্থিতিত টছ জিকাৰ পিছত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত-
বাংগালোৰ টেষ্টৰ দ্বিতীয় দিনা মাজে মাজে বৰষুণ আৰু মেঘাচ্ছন্ন আকাশৰ সৈতে, কেপ্টেইন ৰোহিত শৰ্মাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছিল । যেতিয়া বাংগালোৰ টেষ্টৰ দ্বিতীয় দিনা টছ হৈছিল, কেপ্টেইন ৰোহিত শৰ্মাই টছত জয়ী হৈছিল আৰু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । টছত জয়ী হোৱা আৰু মেঘাচ্ছন্ন পৰিস্থিতিত প্ৰথমে বেটিং কৰিবলৈ বাছনি কৰাটো নিউজীলেণ্ডৰ বাবে এটা উপহাৰৰ দৰে আছিল । ফলাফলটো হ’ল যে নিউজীলেণ্ডৰ বেগী বলাৰসকলে বাংগালুৰুৰ পিটছত সেমেকা আৰু মেঘাচ্ছন্ন পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা লৈছিল ।
প্ৰথম ইনিংছত ৪৬ ৰাণত টিম ইণ্ডিয়াৰ বিপৰ্যয়-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰি অল আউট হয় টিম ইণ্ডিয়া । যশস্বী জয়ছোৱাল (১৩), ৰোহিত শৰ্মা (২), বিৰাট কোহলী (০), ছৰফৰাজ খান (০), ঋষভ পন্ত (২০), কে এল ৰাহুল (০), ৰবীন্দ্ৰ জাদেজা (০), ৰবিচন্দ্ৰন অশ্বিন (০), জশপ্ৰীত বুমৰাহ (১) ৷ নিউজীলেণ্ডৰ হৈ মেট হেনৰীয়ে সৰ্বাধিক ৫ উইকেট দখল কৰে । উইলিয়াম অ’ৰ’ৰ্কে ৪টা উইকেট দখল কৰে । টিম চাউথীয়ে এটা উইকেট লাভ কৰে । প্ৰথম ইনিংছত ৪৬ ৰানৰ স্ক’ৰত অল আউট হোৱাৰ বাবে টিম ইণ্ডিয়াই মেচখনত পৰাস্ত হৈ মূল্য পৰিশোধ কৰিবলগীয়া হয় ।
প্লেয়িং ইলেভেন বাছনি কৰাত ডাঙৰ ভুল-
টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই বেংগালুৰু টেষ্টৰ বাবে প্লেয়িং ইলেভেন বাছনি কৰাত ডাঙৰ ভুল কৰে । বেংগালুৰু টেষ্টত মেঘাচ্ছন্ন পৰিস্থিতিৰ কথা মনত ৰাখি ভাৰতক মূল একাদশত তিনিজন বেগী বলাৰৰ প্ৰয়োজন আছিল যদিও অধিনায়ক ৰোহিত শৰ্মাই ডাঙৰ ভুল কৰিলে । অধিনায়ক ৰোহিত শৰ্মাই বেগী বলাৰ আকাশদীপক প্লেইং এলেভেনৰ পৰা আঁতৰাই ৰাখি তেওঁৰ ঠাইত চিনামোন স্পীনাৰ কুলদীপ যাদৱক অন্তৰ্ভূক্ত কৰে । বেংগালুৰুত মেঘাচ্ছন্ন পৰিস্থিতিৰ মাজতো অধিনায়ক ৰোহিত শৰ্মাই মূল একাদশত তিনিজন স্পীনাৰ খেলোৱাৰ সিদ্ধান্ত ভাৰতীয় দলৰ বাবে ব্যয় বহুল বুলি প্ৰমাণিত হয় ।
টিম চাউথী আৰু ৰাচিন ৰবীন্দ্ৰৰ অংশীদাৰীত্ব-
ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত ২৩৩ ৰানত নিউজীলেণ্ডৰ ৭টা উইকেৰ পতন ঘটাইছিল । ইয়াত নিউজীলেণ্ডৰ দলটো যদি ২৭০ ৰানত অল আউট হ’লহেঁতেন তেন্তে প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতৰ অগ্ৰগতি ২২৪ ৰান হ’লহেঁতেন । কিন্তু ইয়াত টিম চাউথী আৰু ৰাচিন ৰবীন্দ্ৰৰ অংশীদাৰিত্বই ভাৰতক মেচখনৰ পৰা দূৰলৈ লৈ যায় । টিম চাউথী আৰু ৰাচিন ৰবীন্দ্ৰই মিলি অষ্টম উইকেটত ১৩৭ ৰান সংগ্ৰহ কৰে । ৰাচিন ৰবীন্দ্ৰই ১৩৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে টিম চাউথীয়ে ৬৫ ৰানৰ ইনিংছ খেলে । প্ৰথম ইনিংছত নিউজীলেণ্ডৰ দলটোৱে ৪০২ ৰান সংগ্ৰহ কৰি ভাৰতৰ ওপৰত ৩৫৬ ৰানৰ অগ্ৰগতি লাভ কৰিছিল ।
দ্বিতীয় ইনিংছত ৫৪ ৰানত ৭ উইকেট হেৰুৱাই ভাৰতে-
দ্বিতীয় ইনিংছত ছৰফৰাজ খান আৰু ঋষভ পন্তে ভাৰতক জীৱনদান দিয়ে । বেংগালুৰু টেষ্টৰ দ্বিতীয় ইনিংছত ছৰফৰাজ খান আৰু ঋষভ পণ্টে মিলি চতুৰ্থ উইকেটৰ বাবে ১৭৭ ৰান সংযোজন কৰি নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতক অগ্ৰগতি দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ছৰফৰাজ খানে ১৫০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঋষভ পণ্টে ৯৯ ৰানৰ ইনিংছ খেলিছিল । ছৰফৰাজ খান আউট হোৱাৰ সময়ত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অগ্ৰগতি আছিল ৫২ ৰান । সৰফৰাজ খানৰ পিছত যেতিয়া ঋষভ পন্ত (৯৯) আউট হৈছিল, তেতিয়া ভাৰতক অন্ততঃ যুঁজিব পৰা লক্ষ্যলৈ লৈ যোৱাৰ সমগ্ৰ দায়িত্ব কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজাৰ ওপৰত আছিল । এই জটিল মুহূৰ্তত আত্মসমৰ্পণ কৰি কে এল ৰাহুলে ১২ ৰান সংগ্ৰহ কৰি আউট হৈছিল । কে এল ৰাহুল আউট হোৱাৰ লগে লগে ভাৰতৰ সমগ্ৰ ইনিংছ ছিন্নভিন্ন হৈ পৰে । দ্বিতীয় ইনিংছত মাত্ৰ ৫৪ ৰানত শেষৰ ৭টা উইকেট হেৰুৱাই ভাৰতে । ৪০৮/৪ স্ক’ৰেৰে টিম ইণ্ডিয়াৰ ইনিংছ ৪৬২ ৰানলৈ হ্ৰাস পায় । ইয়াৰ লগে লগে নিউজীলেণ্ডে জয়ী হ’বলৈ ১০৭ ৰানৰ সহজ লক্ষ্য লাভ কৰে ।