আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰি। এই সময়ছোৱাত ভক্তসকলে ৯ দিন ৯ ৰাতি দেৱী দুৰ্গাৰ আৰাধনা কৰে ৷ নৱৰাত্ৰিৰ সময়ছোৱাত মা দুৰ্গাৰ ৯টা অনন্য ৰূপৰ পূজা কৰা হয় ৷
নৱৰাত্ৰী ব্ৰত বছৰটোৰ আটাইতকৈ কঠোৰ আৰু পবিত্ৰ ব্ৰতৰ ভিতৰত পৰে। ৯টা দিনৰ নিৰবিচ্চিন্নভাৱে এই ব্ৰত পালন কৰা হয়। নৱৰাত্ৰি ব্ৰত পালন কৰিবলৈ হলে যথেষ্ট মানসিক আৰু শাৰিৰীক ত্যাগ কৰিব পৰাকৈ সক্ষম হ’ব লাগিব। নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয় ৷
নৱৰাত্ৰিৰ সময়চোৱাত পুৱা সোনকালে উঠি স্নান কৰি মা দুৰ্গাক ধূপ, চাকি জ্বলাব। নৱৰাত্ৰিৰ ব্ৰত নিয়মৰ মাজেৰে পালন কৰিব লাগে । এই ৯ দিনৰ ব্ৰতত খিচিৰি , ফল আদি খাব পাৰে ।
কেনেদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত, এই সময়চোৱাত কি কি খাব পাৰিব আপোনি ?
- নৱৰাত্ৰি ব্ৰত পালনৰ সময়ত ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰক
- সূৰ্যোদয়ৰ পূৰ্বে শোৱাপাটী এৰি স্নান কৰিব
- এই সময়চোৱাত তেলযুক্ত খাদ্য পৰিহাৰ কৰিব
- এই ৯ টা দিনত মিছা কথা নক’ব
- ব্ৰতৰ সময়ত কোনো মহিলা বা কন্যাক অপমান নকৰিব
- উপবাসৰ সময়ত খং নকৰিব
- এই ৯ দিনত সাত্বিক খাদ্য খাব
- উপবাসৰ সময়ত ধূমপান, সুৰা, গুটখা, পান মচলা, ধপাত, নহৰু পিয়াজ আৰু মাংস মাছ গ্ৰহণ নকৰিব।
- ঋতুস্ৰাৱৰ সময়ত উপবাস ৰাখিব নালাগে
- উপবাসৰ সময়ত প্ৰ’টিনযুক্ত খাদ্য খাব। আপোনাৰ আহাৰত পনীৰ, দৈ, গাখীৰ আৰু বাদামৰ দৰে বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে।