মাত্ৰ ১০০ টকাতে বিলাসী বাহন ক্ৰয়ৰ সপোন আছিল নেকি ? সপোনৰ পম খেদি ক্ৰয় কৰিছিল নেকি লটাৰীৰ টিকট । তেনেহলে আপোনাৰ বাবে আছে এটা বেয়া খবৰ । কাৰণ ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ফটো এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।। ৰাজ্যৰ সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে ন্যায়ালয়
এতিয়াৰ পৰা কোনো কাৰণতে যাতে অন লাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয়, তাৰ ব্যৱস্থা গ্ৰহণৰো দিছে নিৰ্দেশ।