আকৌ পালেহি দুৰ্গা পূজা । উৎসৱ মানেই যেন সাজোন-কাচোন । পূজাৰ বতৰত যুৱতীসকলৰ মনত এটা ডাঙৰ প্ৰশ্ন – পূজা চাবলৈ যাওঁতে কি সাজ পিন্ধিব, কেনেদৰে নিজকে সাজিব? এই বিষয়ে ভাবিবলৈ আৰু বেছি দিন নাই। ছাল, চুলিৰ পৰিচৰ্যা আৰম্ভ কৰিবৰ হ’ল।
সৌন্দৰ্য্য আৰু স্বাস্থ্যৰ সুৰক্ষাত সহজলভ্য আৰু ঘৰুৱা উপায়েৰে ছালখনক সদায় উজ্জ্বল আৰু আকৰ্ষণীয় কৰি ৰাখিব পৰাৰ কেইটামান বিশেষ টিপছ –
১) দৈ আৰু হালধিৰ ৰস মিহলাই ছালত লগালে ছালৰ ৰং বগা হয়। হালধিত এন্টিছেপ্তিক গুণ আছে। ই ছালৰ বিভিন্ন ৰোগ নিৰাময় কৰে।
২) গাখীৰ আৰু নেমুৰস মিহলাই দেহত লগাই মালিচ কৰিব। ই ব্লিচিঙৰ কাম কৰিব।
৩) এক চামুচ এল’ভেৰা জেল লৈ ৰাতি শোৱাৰ আগত মুখত লগাই থ’ব।ৰাতিপুৱা শুই উঠি মুখখন ভালদৰে ধুই পেলাব।নিশা ছালৰ যত্নৰ ৰুটিনত এল’ভেৰা অন্তৰ্ভূক্ত কৰিলে ছালখন হাইড্ৰেটেড, উজ্জ্বল হৈ থকাৰ লগতে দাগবোৰ নাইকিয়া হয়।
৪) দৈৰ লগত বেছনৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত সানিলে শালমইনা কমে, আনহাতে বেছন, হালধি আৰু দৈৰ মিশ্ৰণ তৈয়াৰ কেই মুখত সানিলে বয়সৰ লগে লগে মুখত পৰা বাৰ্ধক্যৰ আটোৰ সমূহ নাইকিয়া হয়।
৫) ৰ’দত ছালখনৰ উজ্জ্বলতা কমি যায়। সেয়ে তৰমুজৰ ৰসৰ সৈতে বিলাহীৰ ৰস মিহলাই ছালখনত লগাব। দহ মিনিট পিছত ধুই দিব।
৬) স্ক্ৰাব হিচাপে এটা পকা কল, এক চামুচ অ’টছ, এক চামুচ মৌ ভালকৈ মিহলাই মুখত লগাই দুই মিনিট মান স্ক্ৰাব কৰি পাঁচ মিনিটৰ পিছত ধুই দিব।
৭ ) মচুৰ দাইল তিনি ঘণ্টামান তিয়াই থৈ ভালকে পিচি পেষ্ট বনাই পেক হিচাপে লগাব পাৰে।
চুলিৰ পৰিচৰ্যা-
১) ঔ টেঙাৰ বীজ ভালদৰে ফেনেকি সামান্য পানী মিহলাই মূৰ ধুবলৈ ব্যৱহাৰ কৰিব লাগে। ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হয়, নতুন চুলি গজে। চুলি কোমল হয়।
২) জবা ফুল, জবা ফুলৰ কুমলীয়া পাত, নাৰিকল তেলৰ লগত মিশ্ৰণ বনাই চুলিৰ গুৰিত ১৫ মিনিট ৰাখিলে চুলি মিহি হয়, চুলি গজে আৰু চুলি প্ৰকাৰ পৰাও উপশম পায়।
৩) নাৰিকল তেলৰ লগত মৌ মিহলাই চুলিত লগাই পোন্ধৰ মিনিটৰ পিছত ধুই পেলাব। এই মিশ্ৰণ লগোৱাৰ ফলত চুলিৰ পূৰ্বৰ সৌন্দৰ্য্য ঘূৰি অহাত অৰিহণা যোগাব।