আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰে । প্ৰথম পৰ্যায়ত ৭১ গৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয় । এইবাৰ ১৩৯ জন লোকক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।
পদ্ম বিভূষণ- এম টি বাসুদেৱন নায়ৰ (মৰণোত্তৰ)
এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মালয়ালম ভাষা, সাহিত্য আৰু চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু বক্তা মালয়ালমৰ প্ৰখ্যাত সাহিত্যিক এম টি বাসুদেৱন নায়ৰক পদ্ম বিভূষণ প্ৰদান কৰা হয় ।
পদ্ম বিভূষণ- ড° দুব্বুৰ নাগেশ্বৰ ৰেড্ডী
তেলেংগানাৰ বিশিষ্ট গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ দুব্বুৰ নাগেশ্বৰ ৰেড্ডীক তেওঁৰ যুগান্তকাৰী এণ্ডোস্কোপিৰ প্ৰগতি আৰু অগ্ৰণী চিকিৎসা গৱেষণাৰ বাবে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় ।
ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়মক পদ্ম বিভূষণ বঁটা প্ৰদান-
এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিল্প-সংগীতৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়ামক পদ্ম বিভূষণেৰে সন্মানিত কৰে । উল্লেখ্য যে ড° সুব্ৰমণিয়াম এজন বিখ্যাত ভায়লিনবাদক । কৰ্ণটক আৰু পাশ্চাত্য সংগীতত পাৰ্গত আৰু সংগীতৰ অনন্য শৈলীৰ বাবেও পৰিচিত সুব্ৰমণিয়ম ।
পদ্ম বিভূষণ- ওছামু চুজুকি (মৰণোত্তৰ)
ইফালে, চুজুকি মটৰ কৰ্প’ৰেশ্যনৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত জাপানী উদ্যোগপতি ওছামু চুজুকিক মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ (বাণিজ্য আৰু উদ্যোগত) প্ৰদান কৰা হয় । উল্লেখ্য যে ওছামু চুজুকিয়ে ভাৰতক দ্বিতীয় ঘৰ বুলি গণ্য কৰিছিল । তেওঁৰ পুত্ৰ তথা চুজুকি মটৰৰ চি ই অ’ তোছিহিৰো চুজুকিয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে ।
পদ্ম ভূষণঃ
বিনোদ কুমাৰ ধাম-
বিজ্ঞান আৰু অভিযান্ত্ৰিক দিশত আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ী তথা প্ৰযুক্তিবিদ বিনোদ কুমাৰ ধামক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । ভাৰতীয়-আমেৰিকান অভিযন্তা বিনোদ ধাম, যাক ‘পেণ্টিয়াম চিপৰ পিতৃ’ বুলিও জনা যায় ।
অভিনেতা নন্দমুৰি বালকৃষ্ণ-
অন্ধ্ৰ প্ৰদেশৰ তেলেগু অভিনেতা তথা ৰাজনীতিবিদ নন্দমুৰি বালকৃষ্ণক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয় । পাঁচ দশকজুৰি চলি থকা কেৰিয়াৰত তেওঁ ভাৰতীয় চিনেমা আৰু জনজীৱনত এক পাহৰিব নোৱৰা চিন ৰাখিছে ।
এইবাৰ ১৩৯ গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হয়-
ৰাষ্ট্ৰপতিয়ে ২০২৫ বৰ্ষৰ বাবে ১৩৯টা পদ্ম বঁটা প্ৰদানৰ বাবে অনুমোদন জনাইছে । এই তালিকাত আছে ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটা । বঁটাপ্ৰাপকসকলৰ ভিতৰত ২৩গৰাকী মহিলা আৰু এই তালিকাত বিদেশী/এন আৰ আই/পি আই অ’/অ’ চি আই শিতানৰ ১০জন ব্যক্তি আৰু ১৩গৰাকী মৰণোত্তৰ বঁটা প্ৰাপককো অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখ্য যে, ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ, উচ্চতম পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হয় । প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই বঁটা ঘোষণা কৰা হয় ।