ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৫, বিভিন্ন ক্ষেত্ৰৰ এই ব্যক্তিসকলে লাভ কৰিলে সন্মান

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰে । প্ৰথম পৰ্যায়ত ৭১ গৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয় । এইবাৰ ১৩৯ জন লোকক পদ্ম বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

পদ্ম বিভূষণ- এম টি বাসুদেৱন নায়ৰ (মৰণোত্তৰ)

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মালয়ালম ভাষা, সাহিত্য আৰু চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু বক্তা মালয়ালমৰ প্ৰখ্যাত সাহিত্যিক এম টি বাসুদেৱন নায়ৰক পদ্ম বিভূষণ প্ৰদান কৰা হয় ।

পদ্ম বিভূষণ- ড° দুব্বুৰ নাগেশ্বৰ ৰেড্ডী

তেলেংগানাৰ বিশিষ্ট গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ দুব্বুৰ নাগেশ্বৰ ৰেড্ডীক তেওঁৰ যুগান্তকাৰী এণ্ডোস্কোপিৰ প্ৰগতি আৰু অগ্ৰণী চিকিৎসা গৱেষণাৰ বাবে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় ।

ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়মক পদ্ম বিভূষণ বঁটা প্ৰদান-

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিল্প-সংগীতৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ড° লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়ামক পদ্ম বিভূষণেৰে সন্মানিত কৰে । উল্লেখ্য যে ড° সুব্ৰমণিয়াম এজন বিখ্যাত ভায়লিনবাদক । কৰ্ণটক আৰু পাশ্চাত্য সংগীতত পাৰ্গত আৰু সংগীতৰ অনন্য শৈলীৰ বাবেও পৰিচিত সুব্ৰমণিয়ম ।

পদ্ম বিভূষণ- ওছামু চুজুকি (মৰণোত্তৰ)

ইফালে, চুজুকি মটৰ কৰ্প’ৰেশ্যনৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত জাপানী উদ্যোগপতি ওছামু চুজুকিক মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ (বাণিজ্য আৰু উদ্যোগত) প্ৰদান কৰা হয় । উল্লেখ্য যে ওছামু চুজুকিয়ে ভাৰতক দ্বিতীয় ঘৰ বুলি গণ্য কৰিছিল । তেওঁৰ পুত্ৰ তথা চুজুকি মটৰৰ চি ই অ’ তোছিহিৰো চুজুকিয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

পদ্ম ভূষণঃ

বিনোদ কুমাৰ ধাম-

বিজ্ঞান আৰু অভিযান্ত্ৰিক দিশত আগবঢ়োৱা অৱদানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ী তথা প্ৰযুক্তিবিদ বিনোদ কুমাৰ ধামক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । ভাৰতীয়-আমেৰিকান অভিযন্তা বিনোদ ধাম, যাক ‘পেণ্টিয়াম চিপৰ পিতৃ’ বুলিও জনা যায় ।

অভিনেতা নন্দমুৰি বালকৃষ্ণ-

অন্ধ্ৰ প্ৰদেশৰ তেলেগু অভিনেতা তথা ৰাজনীতিবিদ নন্দমুৰি বালকৃষ্ণক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হয় । পাঁচ দশকজুৰি চলি থকা কেৰিয়াৰত তেওঁ ভাৰতীয় চিনেমা আৰু জনজীৱনত এক পাহৰিব নোৱৰা চিন ৰাখিছে ।

এইবাৰ ১৩৯ গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হয়-

ৰাষ্ট্ৰপতিয়ে ২০২৫ বৰ্ষৰ বাবে ১৩৯টা পদ্ম বঁটা প্ৰদানৰ বাবে অনুমোদন জনাইছে । এই তালিকাত আছে ৭টা পদ্ম বিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটা । বঁটাপ্ৰাপকসকলৰ ভিতৰত ২৩গৰাকী মহিলা আৰু এই তালিকাত বিদেশী/এন আৰ আই/পি আই অ’/অ’ চি আই শিতানৰ ১০জন ব্যক্তি আৰু ১৩গৰাকী মৰণোত্তৰ বঁটা প্ৰাপককো অন্তৰ্ভুক্ত কৰা হৈছে ।

উল্লেখ্য যে, ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে পদ্ম বিভূষণ, উচ্চতম পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰতে বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী প্ৰদান কৰা হয় । প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই বঁটা ঘোষণা কৰা হয় ।

“জীৱনত একোৱেই পোৱা নাই।” এইসকল কিংবদন্তিৰ বাবে দুখ প্ৰকাশ চনু নিগমৰ

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ‘পদ্ম বঁটা’২০২৫ ঘোষণা কৰে, য’ত ১৩৯ জন লোকক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ব।যাৰ ভিতৰত আছে সাতজন পদ্ম বিভূষণ, ১৯ টা পদ্মভূষণ আৰু ১১৩ টা পদ্মশ্ৰী।

এই সন্মানৰ বাবে পংকজ উধাছ, অৰিজিত সিং আৰু শাৰদা সিনহাকো সংগীত উদ্যোগৰ পৰা নিৰ্বাচিত কৰা হৈছে।পংকজ উধাছ আৰু অৰিজিত সিঙক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব, আনহাতে শাৰদা সিনহাক পদ্মভূষণ প্ৰদান কৰা হ’ব।

কিন্তু ৰাষ্ট্ৰীয় বঁটা বিজয়ী গায়ক চনু নিগমে এই বছৰ কেইবাজনো ডাঙৰ শিল্পীক উপেক্ষা কৰাৰ বাবে জুৰীক প্ৰশ্ন কৰিছে।

তেওঁ কিশোৰ কুমাৰ, অলকা য়াগনিক, শ্ৰেয়া ঘোষাল আৰু সুনিধি চৌহানৰ দৰে বহুতো গায়কৰ কথা উল্লেখ কৰে আৰু এক দীঘলীয়া ভিডিঅ’ত তেওঁলোকৰ প্ৰতিভাক কেনেদৰে উপেক্ষা কৰা হৈছে সেয়া উল্লেখ কৰে।

ভিডিঅ’টো শ্বেয়াৰ কৰি চনুৱে এইদৰে কৈছিল: “দুজন গায়ক আছে যিয়ে সমগ্ৰ বিশ্বৰ গায়কসকলক অনুপ্ৰাণিত কৰিছে। তেওঁলোকৰ এজনক মহম্মদ ৰফি চাহাবে পদ্মশ্ৰীতেই সীমিত কৰা হৈছে।

আৰু এজন হৈছে  কিশোৰ কুমাৰজী যাক আজি পৰ্যন্ত পদ্মশ্ৰী বঁটাও প্ৰদান কৰা নাই। তেওঁলোকৰ ভিতৰত, অলকা য়াগনিক জী, তেওঁৰ ইমান দীঘলীয়া আৰু আশ্চৰ্যকৰ কেৰিয়াৰ আছে, তাৰ পিছটো এতিয়ালৈকে তেওঁ পোৱা নাই।

শ্ৰেয়া ঘোষাল, তেওঁ দীৰ্ঘদিন ধৰি তেওঁৰ কলা প্ৰমাণ কৰি আহিছে। তেওঁলোকেও এইটো পোৱা উচিত।সুনিধি চৌহানেও তেওঁৰ সুকীয়া কণ্ঠেৰে এটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। তেওঁলোকে এতিয়ালৈকে একো পোৱা নাই। আৰু এনে বহুতো নাম আছে, তেওঁলোক যি ক্ষেত্ৰৰে নহওঁক কিয়।

চনু নিগাৰক ২০২২ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। তেওঁৰ দীঘলীয়া কেৰিয়াৰত, চনু নিগমে ১০,০০০ৰো অধিক গান গাইছে, যাৰ বেছিভাগ হিন্দীত আছে।

তেওঁ কানাড়া, ওড়িয়া, বঙালী, গুজৰাটী, তামিল, তেলেগু, মাৰাঠী, নেপালী, মালায়ালম, কানাড়া, ভোজপুৰী আৰু অন্যান্য ভাৰতীয় ভাষাতো গান গাইছে।

তেওঁক বলীউডৰ শীৰ্ষ গায়কসকলৰ ভিতৰত গণ্য কৰা হয়। দীৰ্ঘদিন ধৰি, তেওঁ শ্বাহৰুখ খান আৰু চলমান খানৰ দৰে বিখ্যাত অভিনেতাসকলৰ বাবে গান গাইছিল।  

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে পদ্ম বঁটা…জানক কোনে কোনে লাভ কৰিছে বঁটা

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে (২৫ জানুৱাৰী ২০২৫) পদ্ম বঁটা ২০২৫ৰ বিজয়ীসকলৰ নাম কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়- পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী । ভীম সিং ভৱেশ, ডাঃ নীৰজা ভাটলা, খেলুৱৈ হৰবিন্দৰ সিঙে লাভ কৰিছে পদ্ম বঁটা ।

এই বঁটা শিল্প, সমাজ সেৱা, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত মহান কাম কৰা সকলক প্ৰদান কৰা হয় । গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কুৱেইটৰ যোগ সাধক শ্বেখা এ জে আল চাবাহ, উত্তৰাখণ্ডৰ ট্ৰেভেল ব্লগাৰ দম্পতী হিউ আৰু কলিন গেণ্টজাৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব ।

এই মহান ব্যক্তিসকলক জনোৱা হ’ব সন্মান-

ভক্তি গায়ক ভেৰু সিং চৌহান, সাংবাদিক ভীম সিং ভৱেশ, ঔপন্যাসিক জগদীশ যোশিলা, ছাৰ্ভাইকেল কেন্সাৰৰ অধিবক্তা নীৰজা ভাটলা আৰু কুৱেইটৰ যোগ থেৰাপিষ্ট শ্বেখা এ জে আল ছাবাহো পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকাত আছে । নাগালেণ্ডৰ ফলমূলৰ খেতিয়ক এল হেংথিং, পুডুচেৰীৰ বাদ্যযন্ত্ৰবাদক পি ডাটচানামূৰ্তি, মধ্যপ্ৰদেশৰ সামাজিক উদ্যোগী চেলি হোলকাৰ, মাৰাঠী সাহিত্যিক মাৰুতি ভূজাংগৰাও চিতাম্পল্লী আদিৰ নাম পদ্ম বঁটা বিজয়ী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

বিলাস ডাংৰে, ভেংকপ্পা আম্বাজী সুগেটকাৰ, হৰিমন শৰ্মা, জুমডে যোমগাম গামলিন, নৰেণ গুৰুং আৰু জগদীশ যোশিলা, বতুল বেগম, পণ্ডিত ৰাম মাণ্ডৱী, নিৰ্মলা দেৱী আন বিশিষ্ট ব্যক্তিসকলক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হ’ব ।

জগদীশ যোশিলাঃ সাহিত্য আৰু শিক্ষা (নিমাৰী) মধ্যপ্ৰদেশ ।

জোনাছ মাছেট্টি: আধ্যাত্মিকতা, ব্ৰাজিলৰ বেদান্ত গুৰু ।

পি ডাটচানামূৰ্তি: কলা (সংগীত), থাভিল, পুডুচেৰী ।

নীৰজা ভাটলা: চিকিৎসা (স্ত্ৰীৰোগ), দিল্লী ।

শ্বেইখা এ জে আল চাবাহ: চিকিৎসা (যোগ) কুৱেইট ।

হিউ আৰু কলিন গেণ্টজাৰ: সাহিত্য আৰু শিক্ষা, ভ্ৰমণ, উত্তৰাখণ্ড ।

হৰিমন শৰ্মাঃ কৃষি, আপেল, হিমাচল প্ৰদেশ ।

নৰেণ গুৰুং: কলা-গায়ন (লোক-নেপালী), ছিকিম ।

হৰবিন্দৰ সিং: ক্ৰীড়া (অক্ষম), আৰ্চাৰী, হাৰিয়ানা ।

বিলাস ডাংৰে: চিকিৎসা, হোমিঅ’পেথী, মহাৰাষ্ট্ৰ ।

ভেৰু সিং চৌহান: কলা (গায়ন) নিৰ্গুন, মধ্যপ্ৰদেশ ।

জুমদে যোমগাম গামলিমঃ সমাজ সেৱা, অৰুণাচল প্ৰদেশ ।

এল হেংথিং:(কৃষি) ফল, নাগালেণ্ড ।

ভেংকপ্পা আম্বাজী সুগেটকাৰ: কলা (কণ্ঠ)গোন্ধালী, কৰ্ণাটক ।

ভীম সিং ভৱেশঃ সমাজ সেৱা, দলিত, বিহাৰ ।

তালিকাত থকা এই নামবোৰৰ বাহিৰেও গকুল চন্দ্ৰ দাস (পৰম্পৰাগত সংগীত), ভেলু আসানা (পৰম্পৰাগত সংগীত), ভীমৱ দোদ্দাবালপ্পা (ফটোগ্ৰাফী), পাৰমাৰ লাভজীভাই নাগজীভাই (বয়ন শিল্প), বিজয়লক্ষ্মী দেশমানে (কেন্সাৰৰ বিৰুদ্ধে যুঁজ), চেত্ৰাম দেৱচন্দ পাৱাৰ (গছ ৰোপণ), পাণ্ডী ৰাম মাণ্ডৱী (বাদ্যযন্ত্ৰ নিৰ্মাতা), ৰাধা ভাভি ভট্ট (মহিলা সৱলীকৰণ), সুৰেশ সোণী (কৰ’না ৰোগীৰ সেৱা)ও অন্তৰ্ভুক্ত কৰা হৈছে । এই বঁটাসমূহ সাধাৰণতে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হয় ।