বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোগৰ শুনানি
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগৰ শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই শুনানি বাংলাদেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় টেলিভিছন (বিটিভি)ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । যোৱা বছৰৰ ৫ আগষ্টত ছাত্ৰ নেতৃত্বাধীন ব্যাপক প্ৰতিবাদৰ পিছত ক্ষমতাৰ পৰা অপসাৰণ কৰা হাছিনা কেইবাটাও গোচৰৰ সন্মুখীন হৈছে, যাৰ শুনানি এতিয়ালৈকে কেমেৰাৰ পৰা আঁতৰত ৰখা হৈছে । আই চি টি-বি ডিৰ এই সিদ্ধান্তই এই পৰম্পৰা ভংগ কৰিবলৈ সাজু হৈছে ।
১৮ ফেব্ৰুৱাৰীত তিনিজনীয়া ন্যায়াধিকৰণে হাছিনাৰ বিৰুদ্ধে তদন্ত এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । ৰাষ্ট্ৰীয় সংবাদ সংস্থা বি এছ এছৰ মতে, দেওবাৰে আই চি টি-বিডিত ২০২৪ চনৰ জুলাই-আগষ্ট বিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ দাখিল কৰিব বিচাৰ বিভাগে । আই চি টি-বিডিৰ অভিযোজক গাজী এম এইচ তামিমে কয় যে শুনানি স্থানীয় সময় অনুসৰি পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিটিভিক লাইভ সম্প্ৰচাৰ কৰিবলৈ কোৱা হৈছে । ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন (এছ এ ডি)ৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ পিছত ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ আৱামি লীগ চৰকাৰক উৎখাত কৰা হয় ।
ইতিমধ্যে আই চি টি-বিডিয়ে হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ বিপৰীতে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁক প্ৰত্যাৰ্পণৰ বাবে ভাৰতলৈ কূটনৈতিক নোট প্ৰেৰণ কৰিছে । ২০২৪ চনৰ জুলাই-আগষ্টৰ হিংসাত্মক ঘটনাৰ সময়ত শ শ লোকৰ মৃত্যুৰ পিছত হাছিনা চৰকাৰৰ অধিকাংশ জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল । চৰকাৰৰ পতনৰ পাছতো হিংসাত্মক পৰিস্থিতি অব্যাহত আছিল ।
লগতে পঢ়ক : ‘মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো…’ পাকিস্তানৰ ৰেলিত পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ স্বীকাৰোক্তি