বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৮ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ মহাৰাষ্ট্ৰত কেইবাখনো সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ প্ৰায় ১১খন সভাত অংশগ্ৰহণ কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে । মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰশেখৰ বাৱানকুলেই কয় যে ৮ নৱেম্বৰত ধুলে আৰু নাচিক, ৯ নৱেম্বৰত আকোলা আৰু নান্দেদ, ১২ নৱেম্বৰত চন্দ্ৰপুৰ, চিমুৰ, সোলাপুৰ আৰু পুনে আৰু ১৪ নৱেম্বৰত সম্ভাজীনগৰ, নৱী মুম্বাই আৰু মুম্বাইত নিৰ্বাচনী জনসভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
আন নেতাসকলৰ স্থিতি কি ?
ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত প্ৰায় ২০ খন ৰেলী সম্বোধন কৰিব । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ২২ খন নিৰ্বাচনী জনসভা সম্বোধন কৰিব । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু বিজেপি সভাপতি জে পি নাড্ডাই প্ৰায় ১৩ খন ৰেলী সম্বোধন কৰিব । মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি বাৱানকুলেও ৰাজ্যখনত দলৰ বিজয় নিশ্চিত কৰিবলৈ চেষ্টাত কোনো ধৰণৰ ত্ৰুটি ৰাখিব বিছৰা নাই । মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰেও ৰাজ্যখনৰ কেইবাটাও ৰেলী সম্বোধন কৰিব ।
বিজেপিৰ লক্ষ্য কি ?
কোৱা হৈছে যে এই ৰেলীবোৰত বিজেপি নেতাসকলে মহাযুতি চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ ওপৰত গুৰুত্ব দিব । বিজেপিৰ এজন নেতাই কয়,”আমি চৰকাৰৰ কল্যাণমূলক আঁচনি আৰু সাফল্যৰ ওপৰত আলোকপাত কৰিম, যাৰ ভিতৰত আছে লাডলি বেহনা যোজনা, ৪৪ লাখ কৃষকৰ বিদ্যুতৰ বিল ৰেহাই আৰু জনসাধাৰণক ব্যক্তিগত সুবিধা প্ৰদান কৰা ৫৮ খন আঁচনি অন্তৰ্ভুক্ত থাকিব । মহায়ুতি মিত্ৰজোঁটৰ লক্ষ্য হৈছে মহাৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰা, যাতে ৰাজ্যখনত পুনৰ ডাবল ইঞ্জিনৰ চৰকাৰ গঠন কৰিব পৰা যায় ।”
মহাবিকাশ আঘাড়ী আৰু মহাযুতীৰ মাজত সংঘৰ্ষ :
উল্লেখ্য যে শাসকীয় মহাযুতি মিত্ৰজোঁট আৰু বিৰোধী মহা বিকাশ আঘাড়ী (এম ভি এ), য’ত শিৱসেনা (ইউ বি টি), এন চি পি (শৰদ পাৱাৰ ফৈদ) আৰু কংগ্ৰেছ অন্তৰ্ভুক্ত । ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দুয়োটা মিত্ৰজোঁটে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । শাসকীয় মহাযুতি মিত্ৰজোঁটৰ অংশ বিজেপি । য’ত শিৱসেনা (একনাথ শিণ্ডে ফৈদ) আৰু অজিত পাৱাৰৰ নেতৃত্বত এন চি পিও অন্তৰ্ভুক্ত আছে । ২০ নৱেম্বৰত ৰাজ্যখনত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ঝাৰখণ্ডৰ লগতে ফলাফল ঘোষণা কৰা হ’ব ।