আকৌ এবাৰ পাকিস্তানক সমালোচনা কৰিলে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে । পাকিস্তান মানৱতাৰ প্ৰতি ভাবুকি হৈ পৰিছে বুলি কয় ওৱাইছিয়ে । ওৱাইছিয়ে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ, পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি আছে । তেওঁ কয় যে পাকিস্তানে ভাৰতৰ অৰ্থনীতি নষ্ট কৰিব বিচাৰিছে । উল্লেখযোগ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা আছাদুদ্দিন ওৱাইছিয়ে কেইবাবাৰো পাকিস্তানক লক্ষ্য কৰি লৈছে ।
পাকিস্তানী ডীপ ষ্টেট আৰু পাকিস্তান সেনাবাহিনীৰ লক্ষ্য ভাৰতৰ অৰ্থনীতি ধ্বংস কৰি সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰা বুলি কয় এ আই এম আ ইএমৰ মুৰব্বীগৰাকীয়ে । উল্লেখযোগ্য যে চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দলত ওৱাইছিকো অন্তৰ্ভুক্ত কৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে তেওঁ বিদেশী চৰকাৰৰ সন্মুখত পাকিস্তানক উদঙাই দিব । ওৱাইচিয়ে কয় যে পাকিস্তানে নিজকে ইছলাম আৰু সকলো মুছলমানৰ নেতা হিচাপে উপস্থাপন কৰে, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা । ভাৰততো ২০ কোটি মুছলমান আছে আৰু তেওঁলোকে পাকিস্তানৰ এই কাৰ্যক সমালোচনা কৰে ।
‘জিয়া উল হকৰ সময়ৰ পৰাই নিৰীহ লোকক হত্যা কৰা হৈছে’
হায়দৰাবাদৰ সাংসদ ওৱাইছিয়ে কয় যে ‘পাকিস্তানে ১৯৪৮ চনৰ পৰা ভাৰতক অস্থিৰ কৰাৰ চেষ্টা চলাই আহিছে আৰু এতিয়াও ইয়াত নিয়োজিত হৈ আছে আৰু মই নাভাবো যে দেশখনে কেতিয়াবা এই কাম বন্ধ কৰিব । ভাৰত চৰকাৰে পাকিস্তানৰ বিৰোধিতা কৰিব লাগে, কিন্তু কাশ্মীৰীক আদৰি ল’ব লাগে । তেওঁ কয় যে বিশ্ববাসীক কোৱা হ’ব যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদে দীৰ্ঘদিন ধৰি নিৰীহ লোকৰ প্ৰাণ কাঢ়ি আহিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বলি হৈছে ভাৰত । আমি গোটেই দৃশ্য দেখিছো আৰু জিয়া উল হকৰ সময়ৰ পৰাই নিৰীহক হত্যা কৰা হৈছে ।
ওৱাইচিয়ে কয় যে ‘স্বাধীনতাৰ লগে লগে জম্মু-কাশ্মীৰলৈ অনুপ্ৰৱেশকাৰী প্ৰেৰণ কৰাৰ সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদৰ নীতি ভাৰতে বুজিব লাগিছিল । পাকিস্তানে তেতিয়াৰ পৰাই এই নাটক কৰি আহিছে আৰু বন্ধ কৰিবলৈ সাজু নহয় যদিও পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে ভাৰতৰ ধৈৰ্য্য শেষ কৰি পেলাইছে ।‘