ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি আৰু কাইলৈ জম্মু-কাশ্মীৰৰ সকলো বিদ্যালয় বন্ধ থাকিব।
জম্মু-কাশ্মীৰৰ শিক্ষামন্ত্ৰী ছাকিনা ইটুৱে কৈছিল যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জম্মু-কাশ্মীৰৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ৯ আৰু ১০ মে’ত বন্ধ থাকিব।
একে সময়তে পঞ্জাৱ চৰকাৰে তিনিদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে। পঞ্জাৱ আৰু হাৰিয়ানাৰ অংশীদাৰী ৰাজধানী চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলত শনিবাৰলৈকে সকলো বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে কৰ্তৃপক্ষই।
ইয়াৰ উপৰিও পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল কৰা হৈছে। সংশোধিত তাৰিখসমূহ সময়ত ঘোষণা কৰা হ’ব।বিষয়াসকলৰ মতে, হাৰিয়ানাৰ পঞ্চকুলাৰ সকলো শিক্ষানুষ্ঠান শুকুৰবাৰ আৰু শনিবাৰে বন্ধ থাকিব।
ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা শ্ৰীগংগনগৰ, বিকানেৰ, যোধপুৰ, জয়ছলমেৰ আৰু বৰমেৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয় বন্ধ।লগতে যোধপুৰৰ সকলো মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
তদুপৰি কৰ্তৃপক্ষই বিকানেৰ, আজমেৰৰ কিশনগড় আৰু যোধপুৰ বিমানবন্দৰত ১০ মে’লৈকে বিমান সেৱা বন্ধ কৰি দিছে।পশ্চিম ৰাজস্থানত জাৰি কৰা হাই এলাৰ্টৰ পৰিপ্ৰেক্ষিতত এই বন্ধসমূহ দিয়া হৈছে।