পুৱাই যোৰহাট নগৰৰ মাজ মজিয়াৰ সংঘটিল হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। সন্তান আৰু ভগ্নীক স্কুটিত লৈ ঘৰৰ পৰা ওলাই আহিছিল ছ’নিয়া শ্বেখ ।তেওঁলোকে নিৰ্মল চাৰিআলি পাৰ হৈ ঢাকাইপট্টিলৈ সোমাব বিচৰা সময়তে ভুল দিশত আহি থকা অমৰনাথ নামৰ এখন তীব্ৰ বেগী বাছখনে মহতিয়াই নিয়ে তেওঁলোকক।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কোলাত থকা কেচুৱাটো উফৰি পৰে। লগে লগে তিনিও কে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হয় যদিও ছ’নিয়া শ্বেখ নামৰ মহিলা গৰাকীৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। উত্তেজিত লোকে বাছ খনৰ চালকক আক্ৰমন উদ্যত হৈছিল যদিও এজন আৰক্ষীয়ে উদ্ধাৰ কৰে চালক জনক।