চলচ্চিত্ৰ উদ্যোগৰ পৰা পুনৰ আহিছে আন এক দুঃখবৰ । প্ৰবীণ মাৰাঠী অভিনেতা-কৌতুক অভিনেতা অতুল পাৰ্চুৰেৰ মৃত্যু হৈছে । ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাজনে । মাৰাঠীৰ লগতে হিন্দী চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত কাম কৰা অতুল পাৰ্চুৰে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল । অৱশ্যে, কৰ্কট ৰোগৰ পৰা সুস্থ হৈ উঠাৰ পিছত, তেওঁ পুনৰ উদ্যমেৰে কাম কৰিবলৈ আৰম্ভ কৰে আৰু বহুতো মাৰাঠী অনুষ্ঠানত তেওঁ অভিনয়ৰ দ্বাৰা দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈচিল । কিন্তু তেওঁৰ স্বাস্থ্য নিৰন্তৰভাৱে অৱনতি ঘটিছিল । তেওঁ কৰ্কট ৰোগৰ পিছত হোৱা শাৰীৰিক সমস্যা আৰু দুৰ্বলতাত ভুগি আছিল ।
বাতৰি অনুসৰি, তেওঁ পুনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী আৰু কন্যা সন্তানক এৰি যায় । প্ৰতিভাৱান অভিনেতাজনৰ মৃত্যুত পৰিয়ালৰ লগতে অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে ।
মাৰাঠীৰ লগতে হিন্দী চলচ্চিত্ৰৰো আছিল এক সুপৰিচিত মুখ-
অতুল পাৰ্চুৰেৰ মৃত্যু মাৰাঠীৰ লগতে হিন্দী চলচ্চিত্ৰ আৰু টিভি উদ্যোগৰ এক অপূৰণীয় ক্ষতি । তেওঁ কপিল শৰ্মাৰ সৈতে কমেডি নাইটছ শ্ব’ত তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । ইয়াৰ উপৰিও, তেওঁ কমেডি চাৰ্কাছ, যম হে হাম, আৰ কে লক্ষ্মণ কি দুনিয়াৰ দৰে বহুতো হিট ধাৰাবাহিকত অভিনয় কৰিছিল । অভিনেতাজনে অলপতে তেওঁৰ নতুন নাটক সূৰ্যচি পিল্লাইৰ কথা ঘোষণা কৰিছিল ।
অতুলে হিন্দী চলচ্চিত্ৰতো বহুতো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ শ্বাহৰুখ খানৰ বিল্লু, চলমান খানৰ পাৰ্টনাৰ আৰু অজয় দেৱগনৰ অল দ্য বেষ্টত তেওঁৰ কমিক টাইমিংৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰিছে । ইয়াৰ উপৰিও, অতুলে কিউ কি, ছালাম-ই-ইশ্ক, কলয়ুগ, ফিৰ ভি দিল হে হিন্দুস্তানী, আৰু খিচড়ীৰ দৰে বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে ।