সুপৰিচিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে দিল্লী সাহিত্য মহোৎসৱৰ এক অধিবেশনৰ সময়ত এক বিস্ফোৰক মন্তব্য কৰিছে।তেওঁ কৈছিল যে, ‘যেতিয়ালৈকে ইছলাম থাকিব, তেতিয়ালৈকে সন্ত্ৰাসবাদো থাকিব।’
তেওঁ শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২০১৬ চনত ঢাকাৰ হোলী আৰ্টিছান বেকাৰীত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি এই মন্তব্য দিছে।
তছলিমা নাছৰিনে কৈছিল যে, ‘যোৱা ১৪০০ বছৰত ইছলামৰ কোনো পৰিৱৰ্তন হোৱা নাই।যেতিয়া লৈকে তেওঁলোক সলনি নহয়, যেতিয়ালৈকে এই পৰিৱৰ্তন নহয়, তেতিয়ালৈকে সন্ত্ৰাসবাদৰ ৰূপ ধাৰণ কৰি থাকিব”।
তেওঁ কৈছিল যে ঢাকা আক্ৰমণত মুছলমান সকলক এই কাৰণেই হত্যা কৰা হৈছিল যে কাৰণ তেওঁলোকে কলমা পাঠ কৰিব পৰা নাছিল। এনেকুৱাই হয় যেতিয়া আস্থা, মানৱতা আৰু যুক্তিক অতিক্ৰম কৰে।
৬২ বছৰীয়া লেখকগৰাকীয়ে কয় যে, ‘ইউৰোপত গীৰ্জাবোৰ সংগ্ৰহালয়ত পৰিণত হৈছে, কিন্তু মুছলমানসকলে এতিয়াও মছজিদ নিৰ্মাণ কৰি আছে’।
‘তেওঁলোকৰ স্কুল-মাদ্ৰাছাত ল’ৰা-ছোৱালীক কেৱল এখন কিতাপেই শিকোৱা হয়। এনেকুৱা হ’ব নালাগে।’ তেওঁ লগতে কয় যে, ‘প্ৰতিটো শিশুৱে সকলো কিতাপ পঢ়িব লাগে, কেৱল ধৰ্মীয় গ্ৰন্থ নহয়’।