মেদবহুলতাই হৈছে বেছিভাগ ৰোগৰ কাৰণ। ওজন বৃদ্ধি হোৱাৰ লগে লগে বহুতো ৰোগে শৰীৰত আক্ৰমণ কৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ওজন অলপ হ’লেও বৃদ্ধি পাইছে, তেন্তে ইয়াক হ্ৰাস কৰাৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিব লাগে।
কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কেনেকৈ ওজন কমাব পাৰি। এই ব্যস্ত জীৱনত মানুহৰ ওজন কমাবলৈ পৰ্যাপ্ত সময় নাথাকে।
ওজন কমাবৰ বাবে ডালচেনি অতি উত্তম বুলি কোৱা হয়।ওজন কমাবলৈ ডালচেনি ব্যৱহাৰ কেনেকৈ কৰিব জানেনে?
গোটা মছলাত ব্যৱহাৰ কৰা ডালচেনি অতি উপকাৰী। ডালচেনি কেৱল দালি আৰু শাক-পাচলিত ব্যৱহাৰ কৰাই নহয়, ইয়াক ওজন কমা, কলেষ্টেৰল হ্ৰাস আৰু চেনি নিয়ন্ত্ৰণৰ বাবেও ব্যৱহাৰ কৰা হয়।মেদবহুলতা হ্ৰাস কৰাত ডালচেনি সহায়ক।
ওজন নিয়ন্ত্ৰণত ডালচেনি উপকাৰী। ডালচেনিয়ে বিপাকীয় ক্ৰিয়াত উপকাৰ কৰে।নিত্য বৃদ্ধি পোৱা ওজনত অশান্তিগ্ৰস্ত লোকসকলে ডালচেনিৰ গুড়ি তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে।
গৰম পানীত ডালচেনি গুৰি মিহলাই খাব লাগে।এনেদৰে দিনটোত দুবাৰকৈ সেৱন কৰিলে ওজন হ্ৰাস হোৱাত সহায়ক হ’ব। ডালচেনি গৰম পানীত সিজাই তাৰ পানীও খাব পাৰে। এই পদ্ধতিৰ দ্বাৰা ওজন বৃদ্ধিৰ পৰাও মুক্তি পোৱাত সহায়ক হ’ব।
গোটা দালচেনি ব্যৱহাৰ কৰি ঘৰতে পাউদাৰ প্ৰস্তুত কৰিব পাৰে। প্ৰথমে ডালচেনিৰবোৰ সূৰ্য্যৰ পোহৰত ২ দিনমান শুকুৱাই লওক। ইয়াৰ পিছত ডালচেনিখিনি ভালদৰে গুড়ি বনাব। ডালচেনিৰ গুড়ি সাজু হৈছে।পৰিষ্কাৰ টেমা এটাত সংৰক্ষণ কৰি দৈনিক ব্যৱহাৰ কৰক।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। কোনো ফিটনেছ প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে বা খাদ্যৰ কোনো পৰিৱৰ্তন কৰাৰ আগতে বা যিকোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)