ৰাজ্যত বানৰ বিধ্বংসী ৰূপ
মুষলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বানে লৈছে প্ৰলয়ংকৰী ৰূপ । নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বানত বহু ঘৰ পানীত বুৰ যোৱাৰ লগতে শ শ বিঘা কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে । এনে পৰিস্থিতিত এতিয়া বানাক্ৰান্তই খাদ্য আৰু খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে । বানৰ কবলত পৰি পোহনীয়া জীৱ-জন্তুসমূহেও ককবকাব লগা হৈছে । ঠায়ে ঠায়ে উদ্ধাৰকাৰী দলে বানাক্ৰান্তক নিৰাপদ স্থানলৈ লৈ গৈছে ।
বানৰ বিধ্বংসী ৰূপ-
অবিৰতভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই জটিল ৰূপ ধাৰণ কৰিছে বানে । ইফালে অসমত ভূমিস্খলনৰ ফলত কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । গুৱাহাটীৰ বৃহৎ অংশ বানৰ কবলত পৰাৰ লগতে মেঘালয় আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণে ৰাজ্যখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে ।

অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বৃহৎ অংশ জলমগ্ন হৈ পৰিছে । ক্ষতিগ্ৰস্ত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে কেইবাটাও সংস্থা মোতায়েন কৰা হৈছে আৰু বহু লোকে তম্বুত আশ্ৰয় লৈছে ।
শুকুৰবাৰে আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে চিৰাং, বাকছা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু উদালগুৰি জিলাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে ।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূবৰ বহু ঠাইত প্ৰচণ্ড ডাৱৰৰ আৱৰণ আৰু অবিৰত বৰষুণৰ বাবে শুকুৰবাৰে ১৮খন জিলাৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে, যাৰ বাবে ৰাজ্যখন “অস্বাভাৱিক পৰিস্থিতি”ৰ সন্মুখীন হৈছে ।
মুখ্যমন্ত্রীয়ে কয় যে অৰুণাচল প্রদেশ আৰু মেঘালয়ত প্রবল বৰষুণ হোৱাৰ ফলত বিশেষকৈ গুৱাহাটীত ভয়াৱহ ৰূপত পানী জমা হৈছে ৷
কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত শনিবাৰে সেইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ আকস্মিক ছুটী ঘোষণা কৰা হৈছে যিসকলে নিজৰ কাৰ্যালয়লৈ যাবলৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হয় । শনিবাৰে এই জিলা দুখনত শিক্ষানুষ্ঠানসমূহো বন্ধ কৰি দিয়া হৈছে ।
ইফালে শুকুৰবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে গুৱাহাটী বিমানবন্দৰত বিমান সেৱাও ক্ষতিগ্ৰস্ত হয় । বানৰ বিধ্বংসী ৰূপক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাজ্যবাসী ।
লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক