দেশৰ বিভিন্ন প্ৰান্তত চলি আছে দুৰ্গা পূজা। দেশৰ সমান্তৰালকৈ বাংলাদেশটো দেখিবলৈ পোৱা গৈছে দুৰ্গা পূজাৰ আনন্দ । কিন্তু তাৰ মাজতে বাংলাদেশত সংঘটিত হ’ল এক আচৰিত ঘটনা । বন্দৰ চহৰ চিটাগঙৰ দুৰ্গা পূজাৰ মঞ্চত কেইজনমান মানুহে এটা ইছলামিক গান পৰিৱেশন কৰে। প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে নিজকে এটা সাংস্কৃতিক সংগঠনৰ সদস্য বুলি দাবী কৰা এটা দলে বৃহস্পতিবাৰে সন্ধিয়া চিটাগং চহৰৰ জে এম সেন হলত গান গাব বিচাৰিছিল, পূজা সমিতিৰ এজন সদস্যই ইয়াৰ বাবে অনুমতি দিছিল।প্ৰথম দলটোৱে এটা ধৰ্মনিৰপেক্ষ গান গাইছিল, কিন্তু দ্বিতীয় গানটো আছিল এটা ইছলামিক গান।তাৰ পিছতেই এক হুলস্থুলিয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।