দীপাৱলীৰ পিছৰে পৰাই দিল্লীত বৃদ্ধি পাইছিল প্ৰদূষণ । অৱশেষত বৰ্ধিত প্ৰদূষণৰ বাবে দিল্লীত বন্ধ কৰি দিয়া হ’ল সকলো প্ৰাথমিক বিদ্যালয়।এতিয়া প্ৰথমৰ পৰা ৫ম শ্ৰেণীলৈকে অনলাইনৰ জৰিয়তে হ’ব পাঠদান।
মুখ্যমন্ত্ৰী আতিশীয়ে এক নিৰ্দেশনা জাৰি কৰি কৈছে য়ে “বৰ্ধিত প্ৰদূষণৰ স্তৰ বৃদ্ধিৰ বাবে, দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয়ে অনলাইন শ্ৰেণী আৰম্ভ কৰিব আৰু পৰৱৰ্তী নিৰ্দেশনা লৈকে অব্যাহত থাকিব”।
দিল্লী চৰকাৰে সকলো বিদ্যালয়ক অনলাইন শ্ৰেণী আৰম্ভ কৰিবলৈ কোৱাৰ লগতে অভিভাৱক সকলক ইয়াৰ বিষয়ে অৱগত কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে।
নিৰ্দেশনাটোত কোৱা হৈছে, “দিল্লীৰ শিক্ষা সঞ্চালকালয় (ডিঅ’ই), এমচিডি, এনডিএমচি আৰু ডিচিবিৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু সকলো ব্যক্তিগত বিদ্যালয়ৰ মুৰব্বীসকলক পঞ্চম শ্ৰেণীলৈকে শিশুসকলৰ বাবে বিদ্যালয়সমূহত শ্ৰেণী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
বিদ্যালয়সমূহৰ মুৰব্বীসকলক পৰৱৰ্তী অৰ্ডাৰ নোহোৱালৈকে এই শ্ৰেণীসমূহৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইনত পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে”।