ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিক ভাৰতে আদৰণি জনাইছে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই চুক্তিৰ পাছত গাজাত শান্তি আৰু মানৱীয় সাহায্য বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে ।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে বন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তি আৰু গাজাত যুদ্ধবিৰতিৰ ঘোষণাক আমি আদৰণি জনাইছো । আমি আশা কৰোঁ যে ইয়াৰ দ্বাৰা গাজাৰ জনসাধাৰণক মানৱীয় সাহায্যৰ নিৰাপদ আৰু অবিৰত যোগানৰ সুবিধা হ’ব ৷ আমি ধাৰাবাহিকভাৱে সকলো পণবন্দীক মুকলি কৰি দিয়া, যুদ্ধবিৰতি আৰু আলোচনা আৰু কূটনীতিৰ পথলৈ ঘূৰি অহাৰ আহ্বান জনাই আহিছো ।
ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ কেনেকৈ আৰম্ভ হ’ল-
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল । এই আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী সাধাৰণ নাগৰিক নিহত হয় । আনহাতে দুশ পঞ্চাশজন লোকক বন্দী কৰি ৰখা হৈছিল । ইয়াৰ পিছত ইজৰাইলে গাজা আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । ইজৰাইলৰ সেনাৰ আক্ৰমণত এতিয়ালৈকে ৪৫ হাজাৰৰো অধিক পেলেষ্টাইনী সাধাৰণ নাগৰিক নিহত হৈছে । গাজাৰ বৃহৎ অংশ ধ্বংসাৱশেষলৈ পৰিণত হৈছে । গাজাৰ ২৩ লাখ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই স্থানচ্যুত হৈছে । লাখ লাখ লোকে তম্বুত বাস কৰি আছে । অনাহাৰৰ সন্মুখীন হৈছে জনসাধাৰণ ।
চুক্তিত কি আছে ?
কাটাৰৰ ৰাজধানীত কেইবা সপ্তাহ ধৰি কঠোৰ আলোচনাৰ অন্তত হোৱা এই চুক্তিত কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে । কেইবা ডজন বন্দীক পৰ্যায়ক্ৰমে মুকলি কৰি দিবলৈ সন্মত হৈছে হামাছ । ইজৰাইলে নিজৰ জিম্মাত থকা শ শ পেলেষ্টাইনী বন্দীকো মুকলি কৰি দিবলৈ সন্মত হৈছে । এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয়, ‘৮ মাহৰ ধাৰাবাহিক আলোচনাৰ অন্তত যুদ্ধবিৰতি আৰু বন্দী মুক্তিৰ চুক্তিত উপনীত হোৱাত প্ৰশাসন সফল হৈছে । এই চুক্তি তিনিটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব ।
২০২৫ চনৰ ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই চুক্তিখন তিনিটা পৰ্যায়ত শান্তি অনাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ উপৰিও কাটাৰ, ইজিপ্ত আৰু আমেৰিকাই তিনিওটা পদক্ষেপ যাতে পালন কৰা হয় আৰু চুক্তিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে । এই দেশসমূহে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে একেলগে কাম কৰি এই প্ৰক্ৰিয়াটো সফল কৰাৰ প্ৰতিশ্ৰুতিও দিছে ।