আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন । ২০ ডিচেম্বৰলৈকে চলিব এই অধিৱেশন । অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত হংস দ্বাৰৰ সমীপত গুৰুত্বপূৰ্ণ বিষয়ৰ তথ্য দিছিল । ইয়াৰ পিছত কিছু সময়ৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হয় । ইয়াৰ পিছত বুধবাৰে পুৱা ১১ বজালৈ দুয়োখন সদনৰ অধিৱেশন স্থগিত ৰখা হয় ।
ইয়াৰ পূৰ্বে ২৬ নৱেম্বৰত সংবিধান দিৱসৰ ৭৫ বছৰীয়া জয়ন্তী আছিল । এই সময়ছোৱাত এক বিশেষ কাৰ্যসূচীৰো আয়োজন কৰা হয় । একে সময়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংবিধানক দেশৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থ বুলি অভিহিত কৰি সংবিধানৰ জৰিয়তে ৰাষ্ট্ৰই সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নৰ বহু বৃহৎ লক্ষ্যত উপনীত হোৱা বুলি উল্লেখ কৰিছিল ।
‘আমাৰ সংবিধান, আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ শক্তিশালী ভেটি’-
সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, “আমাৰ সংবিধান আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ শক্তিশালী ভেটি । আমাৰ সংবিধান হৈছে আমাৰ সামূহিক আৰু ব্যক্তিগত আত্মা ।” তেওঁ কয়, “পৰিৱৰ্তিত সময়ৰ দাবী অনুসৰি নতুন ধাৰণা গ্ৰহণৰ ব্যৱস্থা আমাৰ দূৰদৰ্শী সংবিধান নিৰ্মাতাসকলে গঢ়ি তুলিছিল । সংবিধানৰ জৰিয়তে আমি সামাজিক ন্যায় আৰু সৰ্বাংগীন উন্নয়নৰ বহু ডাঙৰ লক্ষ্যত উপনীত হ’লোঁ ।”
সংবিধান সভাৰ অধ্যক্ষ তথা প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধানৰ সৃষ্টিকৰ্তা ড০ বাবাছাহেব ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথাও উল্লেখ কৰে তেওঁ । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “বাবাছাহেব আম্বেদকাৰৰ প্ৰগতিশীল আৰু সৰ্বাংগীন চিন্তাৰ ছাপ আমাৰ সংবিধানত আছে । সংবিধানসভাত বাবাছাহেবৰ ঐতিহাসিক ভাষণে ভাৰত যে গণতন্ত্ৰৰ মাতৃ সেই কথা স্পষ্ট কৰি দিয়ে ।”
উত্থাপন কৰা হ’ব ১৬খন বিধেয়ক-
কেন্দ্ৰীয় চৰকাৰে অধিৱেশনৰ সময়ত সংসদত বহু গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰিব । ইয়াত ৱাকফ বিলকে ধৰি ১৬খন বিল অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ বেংকিং নিয়ম (সংশোধনী) বিধেয়ক আৰু ৰেলৱে (সংশোধনী) বিধেয়কো উত্থাপন কৰা হ’ব । এইবোৰ যোৱা অধিবেশনত উপস্থাপন কৰা হৈছিল যদিও গৃহীত হোৱা নাছিল ।
একে সময়তে বৰ্ষাকালীন অধিৱেশনত লোকসভাৰ অনুমোদন লাভ কৰা ভাৰতীয় বিমান বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰা হ’ব । ৱাকফ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰিছে বিৰোধীয়ে । এনে পৰিস্থিতিত সংসদৰ শীতকালীন অধিৱেশন যে হুলস্থুলীয়া হ’ব সেয়া নিশ্চিত ।