পুনেত ভাঙি নৈত পৰিল ২০ জন
পুনেৰ তালেগাওঁ অঞ্চলৰ কুণ্ডমালৰ সমীপৰ ইন্দ্ৰায়নী নদীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বৰষুণ আৰু প্ৰবল সোঁতৰ ফলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন পুৰণি দলং হঠাতে ভাঙি যায়।
এই দুৰ্ঘটনাটোত প্ৰায় ১৫ৰ পৰা ২০জন লোক নদীত উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। ঘটনাটোৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে।
জানিব পৰা মতে এই দলংখন কিছুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ইতিমধ্যে যান-বাহনৰ বাবে বন্ধ হৈ আছিল।
কিন্তু ধাৰাসাৰ বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে এই দলংখনলৈ বহু লোক আহি বাঢ়ি অহা পানী চাই আছিল। সেই সময়তে ভাঙি পৰে দলঙখন।
কোৱা হৈছে যে ২-৩ মাহ আগতে এই দলংখন বন্ধ কৰি দিয়া হৈছিল।কাৰণ দলংখন অতি জৰাজীৰ্ণ অৱস্থাত আছিল।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।NDRF ৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছে।ঘটনাস্থলীত ১৫ খন এম্বুলেন্স উপস্থিত হৈছে।
বিধায়ক সুনীল শ্বেলকে নদীত উটি যোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: ইজৰাইল-ইৰাণ যুদ্ধত শান্তিদূত হ’ব পুটিন! ট্ৰাম্পৰ সৈতে ৫০ মিনিটৰ ফোন কলত কি কি আলোচনা