বাংলাদেশ
বাংলাদেশ পুনৰবাৰ নেতৃত্বৰ সংকটৰ সন্মুখীন হৈছে।কিছুদিন পূৰ্বে বাংলাদেশত অতি নাটকীয় ৰূপত ক্ষমতালৈ অহা অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী তথা শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ পদত্যাগক লৈ ব্যাপক চৰ্চা চলি আছে ।
তাৰ পিছতে ঢাকাৰ ৰাজনীতি স্পৰ্শকাতৰ সন্ধিক্ষণত উপনীত হৈছে। ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ পিছত ক্ষমতা দখল কৰা ইউনুছে নিজেই স্বীকাৰ কৰিছে যে তেওঁ বৰ্তমানৰ পৰিস্থিতিত কাম কৰিবলৈ অক্ষম।
দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে এতিয়া নিজকে ক্ৰমাৎ বৃদ্ধি পোৱা হেঁচাত আগুৰি থকা দেখা গৈছে।
সেনাধ্যক্ষ জেনেৰেল ৱাকাৰ-উজ-জামানৰ মুখ ফুটাই সতৰ্কবাণী দিয়াৰ পিছত ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে, আৰু প্লেন বিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
বিগত বছৰ বাংলাদেশত জনসাধাৰণৰ প্ৰতিবাদৰ পিছত ক্ষমতা অভ্যুত্থান ঘটিছিল আৰু ক্ষমতা ৮৪ বছৰীয়া ইউনুছৰ হাতত অৰ্পণ কৰা হৈছিল।
বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কৈছিল যে, যেতিয়ালৈকে অন্তৱৰ্তীকালীন চৰকাৰ থাকিব তেতিয়ালৈকে ইয়াৰ আঁৰত সেনাই কাম কৰিব।ইউনুছে দেশত চলি থকা সংস্কাৰ সম্পূৰ্ণ নকৰালৈকে এই কাম চলি থাকিব।
কিয় হ’ল বিতৰ্ক
দৰাচলতে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে ইউনুছৰ সংস্কাৰৰ কাৰ্যসূচী নাকচ কৰি ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে।
জেনেৰেল ৱাকাৰ-উজ-জামানে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ কাম কেৱল নিৰ্বাচন অনুষ্ঠিত কৰা, নীতিগত সিদ্ধান্ত লোৱা নহয়।সামৰিক বিষয়ত হস্তক্ষেপ, আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত আৰু বহিঃশক্তিৰ হেঁচা আৰু সহ্য কৰা নহ’ব।
প্ৰতিটো কৌশলগত আৰু নিৰাপত্তা নীতিত সামৰিক বাহিনীক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা উচিত। এই বক্তব্যক ইউনুছৰ ক্ষমতাক মুকলি প্ৰত্যাহ্বান হিচাপে দেখা গৈছিল।
জামানে এই কথাও জোৰ দি কয় যে অন্তৱৰ্তীকালীন চৰকাৰে এনে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নালাগে, যাৰ ফলত বাংলাদেশৰ স্থিতিশীলতা আৰু সাৰ্বভৌমত্বত প্ৰভাৱ পৰিব।
বুধবাৰে সেনা প্ৰধানে স্পষ্ট কৰি দিলে যে আৰু কোনো পলম নহ’ব।সেনাবাহিনীক আওকাণ কৰি কৌশলগত সিদ্ধান্ত ল’ব নোৱাৰিব।
সেনা প্ৰধানগৰাকীয়ে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ সামৰিক অধিগ্ৰহণৰ বিৰোধী।ইউনুছৰ পৰা তেওঁলোকে আশা কৰে যে মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচন অনুষ্ঠিত কৰা যাতে নিৰ্বাচিত চৰকাৰলৈ ক্ষমতা মসৃণ আৰু শান্তিপূৰ্ণ হস্তান্তৰ হয়, ইয়াৰ পিছত সেনাই পুনৰ নিজৰ বেৰেকলৈ যাব পাৰে।
বুধবাৰে তেওঁ স্পষ্ট কৰি দিয়ে যে সেনাই আৰু মবোক্ৰেচি আৰু অৰাজকতা, সামৰিক বিষয়ত অন্তৱৰ্তীকালীন চৰকাৰৰ কোনো হস্তক্ষেপ আৰু বাংলাদেশৰ পতন সহ্য নকৰে, আৰু স্থিতিশীলতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তত সামৰিক বাহিনীক বাইপাছ কৰাৰ কোনো প্ৰচেষ্টা সহ্য নকৰে।
লগতে পঢ়ক: ‘ভালেই হ’ল পৰাজয় হ’লো কাৰণ…’; পৰাস্ত হোৱাৰ পিছত কিয় এই কথা ক’লে আৰ চি বিৰ অধিনায়কে?