যুদ্ধ এতিয়া আৰম্ভ হৈছে… ট্ৰাম্পক প্ৰত্যুত্তৰ ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেইনীৰ

ট্ৰাম্পক প্ৰত্যুত্তৰ সৰ্বোচ্চ নেতা আলী খোমেইনীৰ ইজৰাইলৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে এক ডাঙৰ মন্তব্য কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে, “মহান হাইদৰৰ নামত যুদ্ধ আৰম্ভ হৈছে ।” হায়দৰ প্ৰায়ে আলীৰ বাবে ব্যৱহাৰ কৰা এটা নাম, যাক ছিয়া মুছলমানসকলে প্ৰথম ইমাম আৰু হজৰত […]
পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; ২২ জুনৰ পূৰ্বে সম্ভৱ নহয় উৎক্ষেপণ

পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাব লগা এক্সিয়াম-৪ মহাকাশ অভিযান পুনৰ এবাৰ পিছুৱাই দিয়া হৈছে । ১৯ জুনত হ’বলগীয়া এই অভিযানৰ উৎক্ষেপণ ২২ জুন দেওবাৰলৈকে নহয় । এই সিদ্ধান্ত গ্ৰহণ কৰিছে নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ লগতে ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে । উৎক্ষেপণৰ তাৰিখৰ এই […]
হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল! বিবাদৰ পিছতো আশাবাদী অক্ষয়

হেৰা ফেৰী ৩ত ঘূৰি আহিব পৰেশ ৰাৱাল! হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱাল বাহিৰ হোৱাটো ছবিখনৰ অনুৰাগীৰ বাবে আটাইতকৈ দুখজনক খবৰ । এতিয়াও এই বাতৰিক সহজে বিশ্বাসত ল’ব পৰা নাই অনুৰাগীসকলে । ছবিখনৰ পৰা প্ৰবীণ অভিনেতাজনৰ প্ৰস্থানে সকলোকে আচৰিত কৰি তোলে । অনুৰাগীসকলে পৰেশ ৰাৱালৰ এই সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰি অহৰহ তেওঁ ঘূৰি অহাৰ […]
ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘোষণা ট্ৰাম্পৰ মধ্য প্ৰাচ্যৰ উত্তেজনাৰ মাজতে ইৰাণৰ আকাশমাৰ্গত আমেৰিকাই সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয় যে ইৰাণৰ বায়ু প্ৰতিৰক্ষা আমেৰিকাত নিৰ্মিত সামৰিক প্ৰযুক্তিৰ সন্মুখত একো নহয় । তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্টত আমেৰিকাৰ প্ৰতিৰক্ষা ক্ষমতাৰ শ্ৰেষ্ঠত্বৰ প্ৰশংসা কৰে । ছ’চিয়েল মিডিয়াৰ এটা […]
প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত মঙলবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় নৰেন্দ্ৰ মোদী । এয়া আছিল বিগত এটা দশকত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো কানাডা ভ্ৰমণ আৰু তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত কাৰ্নীৰ সৈতে প্ৰথম সাক্ষাৎ । আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পুনৰ সুদৃঢ় আৰু […]
মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে বুলি দাবী কৰিছে ইৰাণে । যি সময়ত দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ পৰিস্থিতি অহৰহ অৱনতি ঘটি আছে, সেই সময়তে এই আক্ৰমণ সংঘটিত হৈছে । এই যুদ্ধত এতিয়ালৈকে ইৰাণত দুশৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে ইজৰাইলত কেইবা ডজন লোকৰ মৃত্যু হৈছে […]
প্ৰথম চাকৰিৰ বাবে ৰিজিউম প্ৰস্তুত কৰিছে নেকি ? তেন্তে মনত ৰাখিব এই কথা

প্ৰথম চাকৰিৰ বাবে ৰিজিউম প্ৰস্তুত কৰিছে নেকি CV বা Curriculum Vitae হৈছে এনে এক নথি য’ত এজন ব্যক্তিৰ শৈক্ষিক আৰু পেছাদাৰী কেৰিয়াৰৰ বিষয়ে সকলো তথ্য সন্নিবিষ্ট কৰা হয় । যিকোনো ক্ষেত্ৰৰ ব্যক্তিগত খণ্ডত চাকৰি পাবলৈ এজন ব্যক্তিৰ বাবে এটা আকৰ্ষণীয় চিভি থকাটো অতি প্ৰয়োজনীয় । ইয়াৰ ফলত সাক্ষাৎকাৰ লোৱাজনৰ সন্মুখত ভাল ভাৱমূৰ্তি সৃষ্টি হোৱাই নহয় […]
ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত

ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ জি-৭ দেশসমূহে ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলক মুকলিকৈ সমৰ্থন কৰিছে । সোমবাৰে সন্ধিয়া জাৰি কৰা এক বিবৃতিত জি-৭ দেশসমূহে ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি দেশখনৰ প্ৰতিদ্বন্দ্বী ইৰাণক পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ বুলি অভিহিত কৰে । বিবৃতিটোত অঞ্চলটোত শান্তি আৰু স্থিতিশীলতাৰ আহ্বান জনোৱা হৈছে । শুকুৰবাৰে ইৰাণ আৰু ইজৰাইলৰ […]
বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি; এতিয়া পাঁচ নহয় চাৰি দিনীয়া হ’ব টেষ্ট মেচ !

বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চি এক বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৭-২৯ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) চক্ৰত সৰু দেশৰ বাবে চাৰিদিনীয়া টেষ্ট মেচত অনুমোদন দিবলৈ আই চি চি সাজু । আনহাতে ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এতিয়াও পৰম্পৰাগত ৫ দিনীয়া […]
আহমেদাবাদ ট্ৰেজেদী : শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট কেপ্তেইন সুমিত সভাৰৱালক মঙলবাৰে মুম্বাইত এক শোকাকুল পৰিৱেশত অন্তিম বিদায় জনোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃয়ে পুত্ৰ সুমিতক আৱেগিক বিদায় দিয়ে । সভাৰৱালৰ মৃতদেহ আহমেদাবাদৰ পৰা মুম্বাইলৈ অনাৰ কেইঘণ্টামান পিছতে উপনগৰ চাকলাৰ এক শ্মশানত পৰিয়ালৰ লোকৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন […]