আই পি এল ফাইনেলত বিঘিনি ঘটাব নেকি বৰষুণে ? কেনেকৈ ওলাব বাংগালুৰু-পাঞ্জাৱৰ মাজৰ মেচৰ ফলাফল ?

আই পি এল ফাইনেলত বিঘিনি ঘটাব নেকি বৰষুণে ? ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব চলিত সংস্কৰণৰ আই পি এল ফাইনেল মেচ । এই মেচখন ৩ জুনৰ সন্ধিয়া ৭:৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ব । এই মেচখনৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠানো অনুষ্ঠিত হ’ব । এইবাৰ ভাৰতীয় […]
পাৰ্ল হাৰ্বাৰ আক্ৰমণ… ইউক্ৰেইনে পুনৰাবৃত্তি কৰিলে ইতিহাসৰ এক অন্ধকাৰ অধ্যায় !

পাৰ্ল হাৰ্বাৰ আক্ৰমণ দেওবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধই শেহতীয়াকৈ নতুন আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইউক্ৰেইনে ৰাছিয়াত প্ৰৱেশ কৰি দেশখনৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ‘অপাৰেচন স্পাইডাৰ ৱেব’ চলাইছিল, য’ত ৰাছিয়াৰ কেইবাখনো বোমাৰু বিমান সম্পূৰ্ণৰূপে ধ্বংস হয় । ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থা এছ বি ইউয়ে ট্ৰাকত লুকুৱাই থোৱা ড্ৰোনৰ জৰিয়তে এই […]
নতুন নোটৰ পৰা নোহোৱা হ’ল বংগবন্ধু… শ্বেখ মজিবুৰ ৰহমানৰ ঠাইত দেখা যাব এইসমূহ ছবি

নোহোৱা হ’ল বংগবন্ধু দেওবাৰে বাংলাদেশত জাৰি কৰা হৈছে নতুন বেংক নোট । এই নোটৰ পৰা আঁতৰাই দিয়া হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ তথা দেশখনৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ছবি । বংগবন্ধু বিচাবে জনাজাত মুজিবুৰ ৰহমানে ১৯৭১ চনত পাকিস্তানৰ পৰা দেশখনক মুক্ত কৰাত মুখ্য ভূমিকা পালন কৰিছিল । ১৯৭৫ চনত সেনাই তেওঁক হত্যা […]
২২ জুনৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা… লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ

২২ জুনৰ পৰা মহা অম্বুবাচী মেলা ২২ জুনৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা । দেশ-বিদেশৰ পৰা অহা ভক্ত, সাধু-সন্যাসীৰ উপস্থিতিৰে পুনৰ উখল মাখল হৈ উঠিব নীলাচলৰ বুকু । ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগা এই পবিত্ৰ মেলাক লৈ ইতিমধ্যে সাজু হৈ উঠিছে অসম চৰকাৰৰ পৰ্যটন বিভাগ । মহা অম্বুবাচী মেলাক লৈ […]
IPL Winners : ২০০৮ চনৰ পৰা এতিয়ালৈকে কোনটো ছিজনত কোনটো দল হৈছে চেম্পিয়ন…

IPL Winners : কোনটো দল কেতিয়া হৈছিল চেম্পিয়ন চলিত আই পি এলত এটা নতুন দলে চেম্পিয়ন ( IPL Winners) হিচাবে খিতাপ দখল কৰিব । কিয়নো ২০০৮ চনৰ পৰা খেলি অহা পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে এতিয়ালৈকে আই পি এলৰ কোনো খিতাপ ( IPL Winners) জয় কৰিব পৰা নাই । ইতিমধ্যে দুয়োটা দল আই পি […]
মুকলি হ’ল XChat, হোৱাটছএপৰ দৰে থাকিব বহু বৈশিষ্ট্য… ইলন মাস্কে কৰিলে ঘোষণা

মুকলি হ’ল XChat ইলন মাস্কৰ এক্স প্লেটফৰ্মত মুকলি কৰা হৈছে এক্সচেট (XChat) নামৰ নতুন মেছেজিং বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত আপুনি এণ্ড টু এণ্ড এনক্ৰিপচন, অটো ডিলিটেড মেছেজ আৰু যিকোনো ধৰণৰ ফাইল প্ৰেৰণ কৰাৰ বিকল্প লাভ কৰিব । এই বৈশিষ্ট্য বৰ্তমান বিটা সংস্কৰণত আছে । দেওবাৰে ইলন মাস্কে পোষ্ট কৰি এই বৈশিষ্ট্যৰ বিষয়ে অৱগত কৰে […]
দহ দিনৰ পাছত উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ… এতিয়াও সন্ধানহীন পত্নী

উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ বিয়াৰ পিছত মধুচন্দ্ৰিকা যাপনৰ বাবে শ্বিলঙলৈ অহা ইন্দোৰৰ ৰাজা আৰু সোণমক বিচাৰি অভিযান চলাই থকা দলে ডাবল ডেকৰ পথত এটা মৃতদেহ উদ্ধাৰ কৰে । ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰিছে । দ খাৱৈৰ পৰাই মৃতদেহটো উদ্ধাৰ কৰা হৈছে । পৰিয়ালৰ লোকৰ পৰা মৃতদেহটো নিশ্চিত কৰিছে আৰক্ষীয়ে […]
এদিনীয়াৰ পৰা অৱসৰ ঘোষণা অষ্ট্ৰেলিয়ান অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ… ক্লাচেনেও ল’লে সন্যাস

এদিনীয়াৰ পৰা অৱসৰ ঘোষণা গ্লেন মেক্সৱেলৰ অষ্ট্ৰেলিয়াৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । অৱশ্যে টি-২০ত খেলি থাকিব তেওঁ । ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে মেক্সৱেলে । ২০১২ চনৰ পৰা আৰম্ভ হৈছিল গ্লেন মেক্সৱেলৰ এদিনীয়া কেৰিয়াৰ […]
উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ… বান আৰু ভূমিস্খলনৰ ফলত ২৫ জনৰ মৃত্যু

উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ উত্তৰ-পূবত প্ৰকৃতিৰ কালৰূপ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে । লগে লগে দ্ৰুতগতিত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে । বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত […]
বৃটেইনছ গট টেলেন্টত জিলিকিল অসমৰ বিনীতা চেত্ৰী… ৰচিলে ইতিহাস

বৃটেইনছ গট টেলেন্টত জিলিকিল বিনীতা চেত্ৰী অসমৰ উদীয়মান নৃত্য তাৰকা বিনীতা চেত্ৰীয়ে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব’ ব্ৰিটেইন’ছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি দেশক গৌৰৱান্বিত কৰিছে । গ্ৰেণ্ড ফিনালেত তেওঁৰ আশ্চৰ্যকৰ প্ৰদৰ্শনেৰে বিচাৰক আৰু দৰ্শকক এনেদৰে মোহিত কৰে, যাৰ ফলত তেওঁক ষ্টেণ্ডিং অভেচন লাভ কৰিবলৈ সক্ষম হয় । ফলাফল ঘোষণাৰ পিছত উল্লাসিত হৈ বিনিতাই কয়, […]