লোকসভাত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক, সপক্ষে ২৬৯ আৰু বিপক্ষে ১৯৮ ভোট…
লোকসভাত আজি উত্থাপন হ’ল বহু চৰ্চিত ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক । ২৬৯ জন সাংসদে সদনত বিধেয়কখন উত্থাপন কৰাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৯৮ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । ইয়াৰ পিছতে উভয় সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হয় বিধেয়কসমূহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ অনুসৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাৰ […]
শ্ৰীলংকা ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ বিদেশ মন্ত্ৰালয়
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে তেওঁৰ ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে । তেওঁ জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰিছে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে দ্বিপাক্ষিক বৈঠকৰ […]
নতুন বছৰৰ পৰা নতুন নিয়ম… সহানুভূতি বা সহৃদয়তাই কাম নকৰিব, ভিক্ষা দিলেই দাখিল হ’ব FIR
ভাৰতৰ এখন ৰাজ্যৰ এখন চহৰক ভিক্ষাৰী মুক্ত কৰিবলৈ জিলা প্ৰশাসনে ভিক্ষাৰীক দান দিয়াসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এফ আই আৰ পঞ্জীয়ন আৰম্ভ কৰিব । জিলা আয়ুক্ত আশীষ সিঙে কয় যে ইতিমধ্যে প্ৰশাসনে চহৰত ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে । আয়ুক্তগৰাকীয়ে কয়, “এই মাহৰ শেষলৈকে (ডিচেম্বৰ) মহানগৰীত আমাৰ ভিক্ষাৰ বিৰুদ্ধে সজাগতা অভিযান চলিব […]
তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীক ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সোমবাৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে দুয়োকে ৰাজকীয় আদৰণি জনায় । এক্সত পোষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে- দেশখনত উপস্থিত হোৱাৰ পিছত ড০ শৰ্মাই এক্সত পোষ্ট কৰে, “এইমাত্ৰ ভূটানৰ থিম্ফুত উপস্থিত হৈছো […]
কানাডাৰ উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডৰ পদত্যাগ, ট্ৰুডো চৰকাৰক তীব্ৰ সমালোচনা…
কানাডাৰ উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ডে সোমবাৰে পদত্যাগ কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোলৈ এখন পত্ৰ প্ৰেৰণ কৰি পদত্যাগ দাখিল কৰিছে । এই পত্ৰখনত ফ্ৰীলেণ্ডে কয় যে যোৱা সপ্তাহত ট্ৰুডোৱে তেওঁক বিত্তমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁক কেবিনেটত আন কিছু ভূমিকাৰ প্ৰস্তাৱ দিছিল । পদত্যাগত তেওঁ কয় যে মন্ত্ৰীসভা ত্যাগ কৰাটোৱেই একমাত্ৰ সৎ আৰু […]
‘এক দেশ এক নিৰ্বাচন’…মঙলবাৰে লোকসভাত উত্থাপন হ’ব নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক !
মঙলবাৰে অৰ্থাৎ ১৭ ডিচেম্বৰত লোকসভাত এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে । এই বিধেয়কখনৰ বিষয়ে বিতং আলোচনা আৰু সহমতৰ বাবে জে পি চিলৈ প্ৰেৰণ কৰা হ’ব । কাইলৈ জে পি চি গঠন কৰা হ’ব য’ত বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো দলৰ সদস্যৰ নাম ঘোষণা কৰা হ’ব । […]
দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনঃ ডাঙৰ মন্তব্য মন্ত্ৰী ৰণজিৎ দাসৰ
-পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ’ল ডাঙৰ খবৰ -ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন -জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত জাৰি হ’ব পাৰে নিৰ্বাচনী অধিসূচনা -২৮ ডিচেম্বৰত প্ৰকাশ পাব পূৰ্ণাঙ্গ ভোটাৰ তালিকা -প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আৰ্জী -শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ […]
মুকেশ আম্বানী আৰু গৌতম আদানীলৈ ডাঙৰ আঘাত ! বাহিৰ হ’ল মুঠ সম্পত্তিৰ এই তালিকাৰ পৰা
ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানী আৰু গৌতম আদানীৰ ধন-সম্পত্তিৰ ব্যাপক হ্ৰাস পাইছে । দুয়োজন কোটিপতিৰ ধন ১০০ বিলিয়ন ডলাৰৰ তললৈ নামি গৈছে । এই তালিকাৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী দুয়ো বাদ পৰাৰ পিছতে এক জোকাৰণিৰ সৃষ্টি হৈছে । ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, শক্তি আৰু খুচুৰা খণ্ডত […]
অৰুণোদয় পাবলৈ থাকিব লাগিব ৰেচন কাৰ্ড…কিদৰে হ’ব বাচনি প্ৰক্ৰিয়া ?
-অৰুণোদয় হিতাৰিকাৰীৰ বাবে আহি গ’ল ডাঙৰ খবৰ -বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বচিত হ’ব অৰুণোদয় হিতাধিকাৰী -প্ৰতিগৰাকী হিতাধিকাৰীক গাঁওসভাৰ জৰিয়তে চিনাক্ত কৰা হ’ব -এইবাৰ বুথ কেন্দ্ৰ অনুযায়ী অনুষ্ঠিত হ’ব গাঁওসভা -১৫ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব অৰুণোদয় হিতাধিকাৰীৰ সভা -ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়েও গাঁওসভাত কৰিব লাগিব আবেদন -গাঁওসভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ’ব লাগিব এইসকল হিতাধিকাৰী -এইবাৰ […]
কোটিপতি হ’ল ১৬ বছৰীয়া ক্ৰিকেটাৰ কমলিনী…মহিলা প্ৰিমিয়াৰ লীগৰ ৫টা দলে ক্ৰয় কৰিলে ১৯গৰাকী খেলুৱৈ
মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ ছিজনৰ নিলামৰ অন্ত পৰিল । এই নিলাম দেওবাৰে (১৫ ডিচেম্বৰ) বেংগালুৰুত অনুষ্ঠিত হয় । ইয়াত ৫টা দলে একেলগে মুঠ ১৯ গৰাকী খেলুৱৈ ক্ৰয় কৰে, যাৰ ওপৰত মুঠ ৯.০৫ কোটি টকা খৰচ হয় । এইবাৰ মুঠ ১২০ গৰাকী খেলুৱৈয়ে নিলামত অংশগ্ৰহণ কৰে । ৫ টা ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ (এম আই), গুজৰাট […]