প্ৰথম ডিজিটেল লোকপিয়ল; ১৬ বছৰৰ পাছত ২০২৭ৰ ১ মাৰ্চৰ পৰা দেশত আৰম্ভ হ’ব জনগণনা

প্ৰথম ডিজিটেল লোকপিয়ল লোকপিয়ল ২০২৭ দেশৰ ভিতৰতে প্ৰথম ডিজিটেল লোকপিয়ল, য’ত মানুহে নিজৰ বিষয়ে তথ্য প্ৰকাশ কৰিব পাৰিব । ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ঘৰ গণনা বা তালিকাভুক্তকৰণৰ পৰ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এয়া ১৬ বছৰৰ পিছত হ’ব দেশৰ ১৬ সংখ্যক লোকপিয়ল । ইয়াৰ পূৰ্বে দেশত ২০১১ চনত লোকপিয়ল অনুষ্ঠিত হৈছিল । ইয়াৰ বাবে […]
অধিক অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ; ৯ লাখ লোক আক্ৰান্ত, এই পৰ্যন্ত ৫০ জনৰ মৃত্যু

অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ শেহতীকৈ অধিক অৱনতি ঘটিছে উত্তৰ-পূৱৰ পৰিস্থিতিৰ । অসম, ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত বিগত ৬ দিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু পথ বন্ধ হৈ পৰিছে । প্ৰাকৃতিক দুৰ্যোগে উত্তৰ-পূৱৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে […]
২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

সংসদৰ বৰ্ষাকালীন অধিৱেশন ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতি, অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যুদ্ধবিৰতিৰ সন্দৰ্ভত বিতং আলোচনাৰ দাবীত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাই আহিছে । বিৰোধীৰ দাবীৰ মাজতে এতিয়া প্ৰকাশ পাইছে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ । ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন । সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ […]
বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়; জানক ইয়াৰ ইতিহাস আৰু এইবাৰৰ বিষয়বস্তু

বিশ্ব পৰিৱেশ দিৱস পৰিৱেশ আছে বাবেই আমি অস্তিত্ব লাভ কৰিছো আৰু যদি পৰিৱেশ নিৰাপদ নহয় তেন্তে আমি শান্তিৰে উশাহ ল’ব নোৱাৰিম । পৰিৱেশৰ গুৰুত্বৰ বিষয়ে সকলোকে সচেতন কৰিবলৈ প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব বুজোৱা আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগ […]
লকআপত পাব সুস্বাদু খাদ্য ; চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪০ বছৰ পুৰণি এইখন আৰক্ষী থানা

লকআপত পাব সুস্বাদু খাদ্য মেঘালয়ৰ সোহৰা (পূৰ্বতে চেৰাপুঞ্জী) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই হিচাবে জনাজাত । এই ঠাইখন এতিয়া আন এক কাৰণত বাতৰিৰ শিৰোনামলৈ আহিছে । ইয়াৰ ১৪০ বছৰীয়া থানাখন এতিয়া ট্ৰেণ্ডি কেফেলৈ ৰূপান্তৰিত হৈছে । এসময়ত ব্ৰিটিছ শাসনৰ সময়ত ভয় আৰু শাস্তিৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এই থানাখনৰ লক-আপ এতিয়া সুস্বাদু খাদ্য আৰু […]
আই পি এল চেম্পিয়ন আৰ চি বিৰ ওপৰত টকাৰ বৰষুণ; পঞ্জাৱ কিংছলৈয়ো কোটি টকা…

আই পি এল চেম্পিয়ন আৰ চি বিৰ ওপৰত টকাৰ বৰষুণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৮ সংখ্যক ছিজনৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে । ৩ জুনত (মঙলবাৰ) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে । ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে আৰ চি […]
উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে…

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লি জে ম্যুঙে জয়লাভ কৰিছে । ইয়াৰ লগে লগে লি জে ম্যুং দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথম ভাষণত লি জে ম্যুঙে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব […]
অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ আধিপত্য; উজলিল ছাই সুদৰ্শন আৰু প্ৰসিদ্ধ কৃষ্ণ

গুজৰাট টাইটানছৰ আধিপত্য আই পি এল ২০২৫ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । যদিও আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে, তথাপিও অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে । ছাই […]
অধিক ভয়াৱহ হৈ পৰিছে উত্তৰ-পূবৰ বান পৰিস্থিতি: এতিয়ালৈকে ৪৩ জনৰ মৃত্যু, সাত লাখ লোক ক্ষতিগ্ৰস্ত

অধিক ভয়াৱহ হৈ পৰিছে উত্তৰ-পূবৰ বান পৰিস্থিতি নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন প্ৰান্তত বানে লৈছে ভয়ংকৰ ৰূপ । অসমৰ ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ১৫খনতকৈয়ো অধিক সৰু-ডাঙৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈছে । বহু ৰাজ্যৰ এক বৃহৎ এলেকা বানৰ কবলত পৰিছে । এই দুৰ্যোগত প্ৰায় ৭ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈছে বা […]
বিৰাট কোহলীৰ চকুত চকুপানী… চেম্পিয়ন হৈয়ে ষ্টেডিয়ামতে কান্দি উঠিল তাৰকাগৰাকী

বিৰাট কোহলীৰ চকুত চকুপানী পঞ্জাব কিংছক পৰাস্ত কৰি ১৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৫) খিতাপ দখল কৰে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে । এই ঐতিহাসিক জয়ৰ পিছতে আবেগিক হৈ পৰে বিৰাট কোহলী । আই পি এলৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত একমাত্ৰ খেলুৱৈ কোহলী । এই জয়ৰ পিছত কোহলীৰ […]