বুমৰাহ-আকাশদীপৰ যুটিয়ে সৃষ্টি কৰিলে ইতিহাস, গঢ়িলে একবিংশ শতিকাৰ সৰ্ববৃহৎ অংশীদাৰিত্বৰ অভিলেখ
গাব্বা টেষ্টত ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহ আৰু আকাশদীপৰ যুটিয়ে । এই যুটীয়ে বেটিঙত এনে এক আশ্চৰ্যকৰ কাম কৰে, যিটো একবিংশ শতিকাত পূৰ্বে কোনেৱে কৰিব পৰা নাছিল । চতুৰ্থ দিনত ষ্টাম্পত দশম উইকেটৰ বাবে বুমৰাহ আৰু আকাশে ৩৯*(৫৪) ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে গাব্বা টেষ্টত ভাৰতৰ হৈ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব আছিল ১৯৯১ চনত, […]
মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ উদ্ধৱ থাকৰেৰ, উপস্থিত আদিত্য থাকৰেও
শিৱসেনা (UBT)ৰ মুৰব্বী উদ্ধৱ থাকৰেই মঙলবাৰে নাগপুৰৰ বিধান ভৱনত থকা কক্ষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক সাক্ষাৎ কৰে । এই বৈঠকত উদ্ধৱ থাকৰেৰ সৈতে শিৱসেনাৰ (ইউ বি টি)ৰ বিধায়ক আদিত্য থাকৰে, অনিল পৰব আৰু বৰুণ সৰদেশাই উপস্থিত থাকে । উল্লেখ্য যে উদ্ধৱ থাকৰেই ৰাজ্যিক বিধানসভাৰ চলি থকা শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে নাগপুৰত উপস্থিত হয় । […]
ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হৈছে হাজাৰ-হাজাৰ পদ
-চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণালী সুযোগ -ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হৈছে হাজাৰ-হাজাৰ পদ -১৭ ডিচেম্বৰ অৰ্থাত আজিৰে পৰাই কৰিব পাৰিব আবেদন -জুনিয়ৰ এছচিয়েট,গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচাৰিছে বিজ্ঞাপন -আবেদনৰ শেষ সীমা ৭ জানুৱাৰী,২০২৫ -সমগ্ৰ দেশত মুঠ ১৩,৭৩৫ টা পদ খালী -অসমত খালী পদৰ সংখ্যা ৩১১ টা -অৰুণাচল প্ৰদেশ,মেঘালয়,নাগালেণ্ড,লক্ষ্ণৌ,দিল্লী আদি বহু […]
বোধ গয়াত উপস্থিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকে , মহাবোধী মন্দিৰত প্ৰাৰ্থনা; কটকটীয়া নিৰাপত্তা
তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে মঙলবাৰে বোধ গয়াত উপস্থিত হয় । ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হোৱাৰ লগে লগে তেওঁক মহাবোধি ছ’চাইটিৰ সদস্যসকলে উষ্ম আদৰণি জনায় । এই সময়ছোৱাত গয়াৰ ডি এম আৰু এছ এছ পিকে ধৰি বহু শীৰ্ষ বিষয়াই শিবিৰ পাতি থাকে । আদৰণিৰ অন্তত ৰাষ্ট্ৰপতিগৰাকীয়ে মহাবোধী মন্দিৰত উপস্থিত হৈ ভগৱান বুদ্ধৰ দৰ্শন […]
২০২৪ঃ হৃদয় ভাঙিছিল মল্লযুঁজাৰু বিনেশ ফোগাটৰ…পেৰিছ অলিম্পিকত পদক হেৰুওৱাৰ পাছত সৃষ্টি হৈছিল বহু বিতৰ্কৰ
চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিক বহু বিতৰ্কৰ সাক্ষী হৈছিল । প্ৰকৃততে ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল আৰু পদক নিশ্চিত কৰিছিল যদিও চূড়ান্ত যুঁজৰ পূৰ্বে তেওঁৰ ওজন অতিৰিক্ত বুলি ধৰা পৰিছিল আৰু অযোগ্য ঘোষণা কৰা হৈছিল । যাৰ বাবে তেওঁ পদক লাভৰ পৰা বঞ্চিত হয় । এই […]
লোকসভাত উত্থাপন বিধেয়ক, দেশত কেনেকৈ আৰু কেতিয়া কাৰ্যকৰী হ’ব ‘এক দেশ এক নিৰ্বাচন’ ?
মঙলবাৰে লোকসভাত উত্থাপন কৰা হয় ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক । আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সদনত উত্থাপন কৰে বিধেয়কখন । সদনত চলি থকা আলোচনাৰ সময়ত কংগ্ৰেছ, সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছৰ দৰে বিৰোধী দলে বিধেয়কখনৰ বিৰোধিতা কৰে । ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কত অনুমোদন জনাইছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]
লোকসভাত উত্থাপন হ’ল ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক, সপক্ষে ২৬৯ আৰু বিপক্ষে ১৯৮ ভোট…
লোকসভাত আজি উত্থাপন হ’ল বহু চৰ্চিত ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক । ২৬৯ জন সাংসদে সদনত বিধেয়কখন উত্থাপন কৰাৰ প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৯৮ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । ইয়াৰ পিছতে উভয় সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হয় বিধেয়কসমূহ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ অনুসৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাৰ […]
শ্ৰীলংকা ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েঃ বিদেশ মন্ত্ৰালয়
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে তেওঁৰ ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে । তেওঁ জনোৱা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰিছে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে দ্বিপাক্ষিক বৈঠকৰ […]
নতুন বছৰৰ পৰা নতুন নিয়ম… সহানুভূতি বা সহৃদয়তাই কাম নকৰিব, ভিক্ষা দিলেই দাখিল হ’ব FIR
ভাৰতৰ এখন ৰাজ্যৰ এখন চহৰক ভিক্ষাৰী মুক্ত কৰিবলৈ জিলা প্ৰশাসনে ভিক্ষাৰীক দান দিয়াসকলৰ বিৰুদ্ধে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এফ আই আৰ পঞ্জীয়ন আৰম্ভ কৰিব । জিলা আয়ুক্ত আশীষ সিঙে কয় যে ইতিমধ্যে প্ৰশাসনে চহৰত ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে । আয়ুক্তগৰাকীয়ে কয়, “এই মাহৰ শেষলৈকে (ডিচেম্বৰ) মহানগৰীত আমাৰ ভিক্ষাৰ বিৰুদ্ধে সজাগতা অভিযান চলিব […]
তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীক ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সোমবাৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত ভূটানৰ বৈদেশিক মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে দুয়োকে ৰাজকীয় আদৰণি জনায় । এক্সত পোষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে- দেশখনত উপস্থিত হোৱাৰ পিছত ড০ শৰ্মাই এক্সত পোষ্ট কৰে, “এইমাত্ৰ ভূটানৰ থিম্ফুত উপস্থিত হৈছো […]