জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব নৰেন্দ্ৰ মোদী ; প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জনালে আমন্ত্ৰণ

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে জি-৭ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণৰ বাবে সামাজিক মাধ্যম যোগে মাৰ্ক কাৰ্নীক ধন্যবাদ জ্ঞাপন কৰিছে । শীৰ্ষ সন্মিলনত তেওঁৰ সাক্ষাত পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে । উল্লেখ্য যে, এইবাৰ জি-৭ শীৰ্ষ সন্মিলন ২০২৫ […]
হঠাৎ অসুস্থ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী; ছিমলাৰ আই জি এম চি চিকিৎসালয়ত ভৰ্তি

হঠাৎ অসুস্থ ছোনিয়া গান্ধী কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী (৭৮)ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তথ্য অনুসৰি শুকুৰবাৰে হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (আই জি এম চি)ত কিছু সাধাৰণ স্বাস্থ্যজনিত সমস্যাৰ নিয়মীয়া পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছে তেওঁক । জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে আৰু […]
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ : ভাৰতৰ ‘শূন্য সহনশীলতা’ নীতিৰ সৈতে একমত একত্ৰিত ব্ৰিকছ দেশৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ব্ৰিকছৰ সদস্য দেশসমূহে । ব্ৰাজিলিয়াত অনুষ্ঠিত ভাৰতকে ধৰি ব্ৰিকছ দেশসমূহৰ সংসদীয় মঞ্চৰ একাদশ বাৰ্ষিক সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত ১০খন দেশেই এক যৌথ বিবৃতি প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ শূন্য সহনশীলতা নীতিক সকলোৱে তীব্ৰ সমৰ্থন […]
ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই; ড্ৰোন আৰু মিছাইলেৰে চলালে তাণ্ডৱ

ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই অপাৰেচন স্পাইডাৰ ৱেবত ক্ৰোধিত হৈ পৰা ৰাছিয়াই ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলাইছে । ৰাছিয়াই সমগ্ৰ দেশখনত চাৰিশৰো অধিক ড্ৰোন আৰু ৪০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । এই আক্ৰমণত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবা ডজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । এই আক্ৰমণত প্ৰায় সমগ্ৰ ইউক্ৰেইনক লক্ষ্য […]
বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ; ঘোষণা নিৰ্বাচনৰ তাৰিখ !

বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ । বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে । ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব । শুকুৰবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে অহা বছৰৰ এপ্ৰিল মাহত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ঈদ-উল-আজহাৰ প্ৰাকক্ষণত দেশবাসীক […]
কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! ৰাজপথতে জৰুৰী অৱতৰণ

কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ! শনিবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত এক বৃহৎ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে এখন হেলিকপ্তাৰ । কাৰিকৰী বিজুতিৰ বাবে হেৰিকপ্তাৰখনৰ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । এই জৰুৰীকালীন অৱতৰণ ৰাষ্ট্ৰীয় ঘাইপথত কৰা হয় । জানিব পৰা মতে এই হেলিকপ্টাৰখনে বদাছু হেলিপেডৰ পৰা কেদাৰনাথলৈ উৰা মাৰিছিল । বিমানখনত পাইলটকে […]
কইনা হ’ল তৃণমূল সাংসদ মহুৱা মৈত্ৰ; ৬৫ বছৰীয়া পিনাকী মিশ্ৰৰ সৈতে বহিল বিবাহত

কইনা হ’ল তৃণমূল সাংসদ মহুৱা মৈত্ৰ বিবাহপাশত আৱদ্ধ হ’ল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ । বিজু জনতা দলৰ প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় তৃণমূল সাংসদগৰাকী । জাৰ্মানীত অনুষ্ঠিত হয় এই বিবাহ অনুষ্ঠান । ৩ মে’ত পিনাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মহুৱা । পিনাকী বিজু জনতা দলৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাবে […]
উচ্চ শিক্ষাৰ বাবে সমগ্ৰ বিশ্বতে সৰ্বাধিক চাহিদা থকা শীৰ্ষ ১০ টা ডিগ্ৰী পাঠ্যক্ৰম ! ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ কি ?

উচ্চ শিক্ষাৰ বাবে সৰ্বাধিক চাহিদা থকা শীৰ্ষ ডিগ্ৰী পাঠ্যক্ৰম বৰ্তমানৰ পৰিৱৰ্তিত পৃথিৱীত উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে এনে ডিগ্ৰী পাঠ্যক্ৰম বিচাৰে যিয়ে তেওঁলোকক জ্ঞান প্ৰদান কৰাই নহয়, সফল কেৰিয়াৰৰ নিশ্চয়তাও প্ৰদান কৰে । বিশ্ব পৰ্যায়ৰ বহু ক্ষেত্ৰৰ চাহিদা অহৰহ বৃদ্ধি পাইছে আৰু এই কাৰণেই সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীসকলে এইসমূহ ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত হৈছে । উচ্চ […]
প্ৰকৃতিৰ ক্ৰোধ… প্ৰাকৃতিক দুৰ্যোগৰ বাবে ১০ বছৰত ভাৰতত ৩.২ কোটি লোক গৃহহাৰা

প্ৰকৃতিৰ ক্ৰোধ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশ সময়ে সময়ে প্ৰকৃতিৰ ক্ৰোধৰ বলি হৈ আহিছে । ভাৰতত ২০১৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বান, ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৩.২ কোটি লোকে নিজৰ দেশতে নিজৰ বাসস্থান সলনি কৰিবলৈ বাধ্য হৈছে । প্ৰকৃতিৰ ক্ৰোধৰ বলি হৈ নিজৰ দেশত স্থানচ্যুত হোৱা লোকৰ এই সংখ্যা বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক […]
আমেৰিকাত ১২ খন দেশৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ ট্ৰাম্পৰ…

আমেৰিকাত ১২ খন দেশৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক নতুন ঘোষণা কৰিছে । তেওঁ ১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ লগতে আন ৭খন দেশৰ পৰা অহা লোকৰ ওপৰত আংশিক বাধা আৰোপ কৰা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্পে এই পদক্ষেপ গ্ৰহণ […]