আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী…

আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় ক্ৰিকেটত তেওঁৰ অতুলনীয় অৱদানৰ বাবে ধোনীলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনত এক অনুষ্ঠান অনুষ্ঠিত […]
অসম বিদেশীমুক্ত কৰিবলৈ ১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে; মুখ্যমন্ত্ৰীৰ দাবী

১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে ৰাজ্য চৰকাৰে ১৯৫০ চনৰ আইনখন কঠোৰভাৱে বলবৎ কৰি অবৈধ বিদেশীক চিনাক্ত আৰু বিতাড়ন কৰিব । তেওঁ দাবী কৰে যে এই আইনৰ অধীনত জিলা আয়ুক্তসকলৰ অবৈধ প্ৰব্ৰজনকাৰীক বিদেশী বুলি ঘোষণা কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা আছে । বিধানসভাৰ বিশেষ অধিৱেশনত কংগ্ৰেছে […]
পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা; পৰৱৰ্তী উৎক্ষেপণ কেতিয়া ?

পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা বেয়া বতৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ এদিনৰ বাবে পিছুৱাই দিয়া হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে । ইছৰোৱে অধ্যক্ষ ড০ ভি নাৰায়ণনৰ উদ্ধৃতি দি এক্সত লিখিছে, ‘বতৰৰ পৰিস্থিতিৰ বাবে ভাৰতীয় গগণযাত্ৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ […]
বাংলাদেশত নিৰ্বাচন ঘোষণা; ভাৰতত থাকিও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে শ্বেখ হাছিনাই ?

বাংলাদেশত নিৰ্বাচন ঘোষণা অৱশেষত ঘোষণা হ’ল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন । মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব । নিৰ্বাচন সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰ আৰু সেনা প্ৰধানৰ মাজত সংঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়া সেনা প্ৰধানে শীঘ্ৰে নিৰ্বাচন ঘোষণা কৰিবলৈ সকীয়াই দিছিল । এতিয়া প্ৰশ্ন হয় […]
গুৰু গম্ভীৰৰ নিৰীক্ষণত কঠোৰ অনুশীলন ভাৰতীয় টেষ্ট দলৰ; ২০ জুনত প্ৰথম টেষ্ট

কঠোৰ অনুশীলন ভাৰতীয় টেষ্ট দলৰ পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰম্ভ কৰিব ভাৰতীয় দলে । শুভমন গীলৰ অধিনায়কত্বত ইংলেণ্ডৰ বিৰুদ্ধে এই টেষ্ট শৃংখলা খেলিব ভাৰতীয় দলটোৱে । ৰোহিত শৰ্মা অৱসৰৰ পিছত গীলক টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । এই শৃংখলাৰ সহ-অধিনায়ক হিচাপে থাকিব ঋষভ পন্ট । ইতিমধ্যে পাঁচখনীয়া […]
ইউক্ৰেইনৰ বাবে আটাইতকৈ ভয়ংকৰ নিশা ! ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত বহু চহৰ

ইউক্ৰেইনৰ বাবে আটাইতকৈ ভয়ংকৰ নিশা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তিনি বছৰীয়া যুদ্ধত দেওবাৰৰ নিশা ইউক্ৰেইনৰ বাবে অতি ভয়ংকৰ আছিল । কাৰণ এই নিশা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ৪৭৯খন ড্ৰোন আৰু ২০টা ক্ষেপণাস্ত্ৰৰে আকাশমাৰ্গেৰে বৰ্তমানলৈকে কৰা আটাইতকৈ ভয়ংকৰ আক্ৰমণ চলাইছিল । দেশখনৰ বায়ুসেনাই কয় যে এই আক্ৰমণত দেশখনৰ মধ্য আৰু পশ্চিম অঞ্চল বিশেষভাৱে লক্ষ্য কৰি […]
মোৰ চকু কাণ তামিলনাডুৰ ওপৰত… দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ

দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ তামিলনাডু ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদুৰাইত অগ্নিবৰ্ষা ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । ৰাজনৈতিক বাৰ্তাৰে ভৰা ভাষণত অমিত শ্বাহে কেৱল তামিলনাডুতে নহয়, পশ্চিমবংগতো বিজেপিৰ আগমনৰ ভৱিষ্যদ্বাণী কৰে । শ্বাহে কয়, “তামিলনাডুৰ জনসাধাৰণে দুৰ্নীতিগ্ৰস্ত ডি […]
ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা; সকলো জল্পনা-কল্পনাক খাৰিজ কৰিলে বৈদেশিক মন্ত্ৰালয়ে

ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা হজৰ বাবে ভাৰতীয়ক ছৌদি আৰৱলৈ যোৱাত নিষেধাজ্ঞা আৰোপৰ জল্পনা-কল্পনা নাকচ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ছৌদি আৰৱলৈ যোৱাত কোনো ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৌদি আৰবে […]
লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা

লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা আমেৰিকাৰ লছ এঞ্জেলছত অনুপ্ৰৱেশৰ বিষয়টোক লৈ চলি থকা হিংসাত্মক পৰিস্থিতি এতিয়াও বন্ধ হোৱা নাই । লছ এঞ্জেলছৰ ৰাজপথত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাইত বাহন পৰ্যন্ত জ্বলাই দিয়া দেখা গৈছে । ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত নেচনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ দিছিল । কিন্তু নেচনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ […]
ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী; সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণ সমৰ্থন

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী শনিবাৰে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শনিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত উপস্থিত […]