কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন পুনৰ কাৰ্যকৰী কৰাৰ বিৰুদ্ধে মণিপুৰৰ বহু অঞ্চলত আৰম্ভ হৈছে প্ৰতিবাদ । সোমবাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদী সমদল বাহিৰ কৰে । মহিলা সকলে প্ৰতিবাদী সমদলত ইম্ফলৰ সচিবালয়লৈ যাব বিচাৰিছিল যদিও বাটতে নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বাধা দিয়ে । উল্লেখযোগ্য যে শেহতীয়াকৈ জিৰিবামত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত পুনৰ মণিপুৰৰ বহু অঞ্চলত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন কাৰ্যকৰী কৰা হৈছে ।
মহিলা সংগঠনৰ উদ্যোগত সমাৱেশ-
সোমবাৰে মণিপুৰৰ মানৱ অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে কাম কৰা মহিলা সংগঠন মীৰা পাইবিছে এক সমাৱেশৰ আয়োজন কৰে । প্ৰতিবাদকাৰী মহিলাসকলে হাতত প্লেকাৰ্ড আৰু বেনাৰ লৈ ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ আঁতৰোৱাৰ দাবী জনাই । ইম্ফলৰ কংবা বজাৰ অঞ্চলৰ পৰা আৰম্ভ হোৱা এই মহিলা সমাৱেশ, তিনি কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে বন্ধ কৰি দিয়ে । ইয়াৰ পিছত প্ৰতিবাদকাৰীসকলে কংবা বজাৰলৈ উভতি আহি তাত এখন সভাৰ আয়োজন কৰে ।
সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে-
সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ কৰ্মী ববিনা মাইবামে কয়, ‘খিলঞ্জীয়াৰ বিৰুদ্ধে চলি থকা শোষণৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো । অন্যায় আৰু নিষ্ঠুৰ এই আইন ৰাজ্যত পুনৰ কাৰ্যকৰী হ’বলৈ আমি দিব নোৱাৰো । ভুৱা এনকাউণ্টাৰৰ বহু গোচৰ এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । এতিয়া ৰাজ্যৰ ছখন থানাত পুনৰ AFSPA কাৰ্যকৰী কৰি কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজ্যবাসীৰ সমস্যা বৃদ্ধি কৰিব বিচাৰিছে ।‘
এই ক্ষেত্ৰসমূহত AFSPA কাৰ্যকৰী কৰা হৈছে-
সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন অনুসৰি নিৰাপত্তা বাহিনীয়ে অতিৰিক্ত ক্ষমতা লাভ কৰে, য’ত যিকোনো ঠাইতে তালাচী চলোৱা, প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ আৰু গুলীচালনাৰ ক্ষমতা অন্তৰ্ভুক্ত আছে । শেহতীয়াকৈ জিৰিবাম জিলাত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত কেন্দ্ৰীয় চৰকাৰে ইম্ফল পশ্চিমৰ জিৰিবাম আৰু ছেকমাই আৰু লামছাং থানা, ইম্ফল পূৱৰ লামলাই, কাংপকপি জিলাৰ লেইমাখং আৰু বিষ্ণুপুৰ জিলাৰ মইৰাং থানাত পুনৰ এই আইন কাৰ্যকৰী কৰিছে ।