তাহিৰা কাশ্যপ পুনৰ স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰে অনুৰাগীক স্তম্ভিত কৰি তুলিছে।তাহিৰাৰ এই কথা প্ৰকাশৰ পিছত অনুৰাগী সকলে কমেণ্ট বক্সত মন্তব্য কৰি তেওঁক অহৰহ উৎসাহিত কৰি আহিছে।
ইফালে, স্তন কেন্সাৰ পুনৰ ধৰা পৰা সন্দৰ্ভত তাহিৰাৰ পোষ্টৰ পিছত প্ৰথমবাৰৰ বাবে তাহিৰাৰ স্বামী তথা অভিনেতা আয়ুষ্মান খুৰানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।আয়ুষ্মান খুৰানাই তেওঁৰ পত্নীক লৈ কৰা প্ৰতিক্ৰিয়া কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে।

পুনৰ স্তন কেন্সাৰ ধৰা পৰাৰ পিছত তাহিৰাই সামাজিক মাধ্যমত এটা পোষ্ট দিছিল। এই পোষ্টটোত তাহিৰাই নিজৰ হৃদয়ৰ কথা কৈছে যদিও আত্মসন্মান বৃদ্ধিৰ বাবে এটা পোষ্টো লিখিছিল।এই কঠিন সময়ত তাহিৰাৰ ইতিবাচক মনোভাৱক সকলোৱে প্ৰশংসা কৰিছে।
আয়ুষ্মানে তাহিৰাৰ পোষ্টত লিখিছে – ‘মোৰ হিৰো…’ তাহিৰাৰ বাবে আয়ুষ্মানৰ এই পোষ্টটোৱে অভিনেতা গৰাকীয়ে পত্নীক কিমান ভাল পায় সেয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে ২০১৮ চনত প্ৰথমবাৰৰ বাবে স্তন কেন্সাৰত আক্ৰান্ত হৈছিল টাহিৰা।