পতি,পত্নী ঔৰ ৱহ দ্বিতীয়ৰ ওপৰত প্ৰৱঞ্চনা প্ৰচাৰৰ অভিযোগ; আয়ুষ্মান খুৰানাৰ স্পষ্টিকৰণ

ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ৰ টিজাৰ মুকলি কৰি দিয়াৰ পিছতে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে আয়ুষ্মান খুৰানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আয়ুষ্মান খুৰানা তেওঁৰ চিগনেচাৰ কমিক টাইমিংক লৈ অতি সোনকালে ছবিগৃহলৈ ঘূৰি আহিব।অভিনেতা গৰাকীৰ নতুন ছবি ‘পতি,পত্নী ঔৰ ৱহ দ্বিতীয়’ অতি সোনকালে ছবিগৃহলৈ আহি আছে।যাৰ ট্ৰেইলাৰ শনিবাৰে মুকলি কৰা হয়।ছবিখনত আয়ুষ্মানৰ সৈতে ৱামিকা গাব্বি, চাৰা আলী খান, আৰু ৰাকুল প্ৰীত সিঙে অভিনয় কৰিছে।

কিন্তু ছবিখনৰ টিজাৰ মুকলি পোৱাৰ পিছত অভিযোগ উত্থাপন হৈছে যে, ছবিখনে বিবাহত প্ৰৱঞ্চনাৰ দৰে গম্ভীৰ বিষয় এটাক অতিৰঞ্জিত কৰি দেখুৱাইছে। এনে কাহিনী প্ৰদৰ্শন কৰি মানুহে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে। অৱশ্যে ছবিখনৰ অভিনেতা-অয়ুষ্মান খুৰানা আৰু ৰাকুল প্ৰীত সিঙে বিশ্বাস কৰে যে, বাস্তৱত এইটো একেবাৰেই নহয়।

আয়ুষ্মান খুৰানাই এই অভিযোগ সন্দৰ্ভত কয় যে, এই ছবিখন চাৰিটা চৰিত্ৰৰ মাজত কি ঘটি আছে, সেই বিষয়ত।ইয়াৰ জৰিয়তে আমি কোনো ধৰণৰ প্ৰৱঞ্চনাৰ প্ৰচাৰ কৰা নাই কাৰণ এইখন এখন পাৰিবাৰিক চিনেমা।ছবিখন চাই সকলোৱে ভাল পাব’।

লগতে পঢ়ক: ‘বিবাহ ভাগ্যত লিখা থাকে’; ৬৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হ’ব মুকেশ খান্না

৭ বছৰৰ পিছত দ্বিতীয়বাৰলৈ কৰ্কট ৰোগত আক্ৰান্ত তাহিৰা কাশ্যপ; স্বামী আয়ুষ্মান খুৰানাই কৰিলে বিশেষ পোষ্ট

তাহিৰা কাশ্যপ পুনৰ স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰে অনুৰাগীক স্তম্ভিত কৰি তুলিছে।তাহিৰাৰ এই কথা প্ৰকাশৰ পিছত অনুৰাগী সকলে কমেণ্ট বক্সত মন্তব্য কৰি তেওঁক অহৰহ উৎসাহিত কৰি আহিছে।

ইফালে, স্তন কেন্সাৰ পুনৰ ধৰা পৰা সন্দৰ্ভত তাহিৰাৰ পোষ্টৰ পিছত প্ৰথমবাৰৰ বাবে তাহিৰাৰ স্বামী তথা অভিনেতা আয়ুষ্মান খুৰানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।আয়ুষ্মান খুৰানাই তেওঁৰ পত্নীক লৈ কৰা প্ৰতিক্ৰিয়া কিছু মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে।

পুনৰ স্তন কেন্সাৰ ধৰা পৰাৰ পিছত তাহিৰাই সামাজিক মাধ্যমত এটা পোষ্ট দিছিল। এই পোষ্টটোত তাহিৰাই নিজৰ হৃদয়ৰ কথা কৈছে যদিও আত্মসন্মান বৃদ্ধিৰ বাবে এটা পোষ্টো লিখিছিল।এই কঠিন সময়ত তাহিৰাৰ ইতিবাচক মনোভাৱক সকলোৱে প্ৰশংসা কৰিছে।

আয়ুষ্মানে তাহিৰাৰ পোষ্টত লিখিছে – ‘মোৰ হিৰো…’ তাহিৰাৰ বাবে আয়ুষ্মানৰ এই পোষ্টটোৱে অভিনেতা গৰাকীয়ে পত্নীক কিমান ভাল পায় সেয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে ২০১৮ চনত প্ৰথমবাৰৰ বাবে স্তন কেন্সাৰত আক্ৰান্ত হৈছিল টাহিৰা।