শক্তিমান অৰ্থাৎ মুকেশ খান্নাই ৬৭ বছৰ বয়সত বিয়াৰ কথা মুকলিকৈ কৈছিল।অভিনেতা গৰাকীয়ে কৈছে যে বয়স মাত্ৰ এটা নম্বৰ,বিবাহ ভাগ্যত লিখা থাকে।
জনপ্ৰিয় অভিনেতা আৰু সৰু পৰ্দাত শক্তিমান বুলি পৰিচিত মুকেশ খান্নাই নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। এইবাৰো মুকেশ খান্নাই এটা মন্তব্য দি চৰ্চা লাভ কৰিছে।অভিনেতা গৰাকীয়ে ৬৭ বছৰ বয়সত বিবাহক লৈ নিজৰ মত প্ৰকাশ কৰিছে। মুকেশ খান্নাই বৰ্তমানলৈকে বিবাহ পাশত আৱদ্ধ হোৱা নাই। বিবাহৰ পৰিকল্পনাক লৈ তেওঁ কয় যে, পত্নীক ঠিক তেনেকৈয়ে পোৱা নাযায়।যিদিনা তেওঁ সেই গৰাকী মহিলাক বিচাৰি পাব, যিগৰাকী তেওঁৰ কাৰণে জন্ম লৈছে, তেওঁ বিবাহ কৰাব।
এটা সাক্ষাৎকাৰত মুকেশ খান্নাই কয় যে, ‘যদি আপুনি বিবাহিত, তেন্তে আপুনি প্ৰতিশ্ৰুতিবদ্ধ।মানুহে কয় যে নাৰীয়ে স্বামীৰ প্ৰতি নিষ্ঠাবান হ’ব লাগে,কিন্তু কোনোবাই কেতিয়াবা কৈছেনে যে এজন পুৰুষেও কেৱল নিজৰ পত্নীৰ প্ৰতি নিষ্ঠাবান হ’ব লাগে? অভিনেতা গৰাকীয়ে এতিয়ালৈকে কিয় বিবাহ পাশত আৱদ্ধ হোৱা নাই সেই বিষয়ে কয় যে, ‘বিয়াৰ ওপৰত মোৰ বিশ্বাস বহুত বেছি। মানুহে ভাবে যে আপুনি বিয়া নকৰিলে বিয়াত বিশ্বাস নকৰে, কিন্তু এইটো সত্য নহয়। পত্নী হঠাতে বিচাৰি পোৱা বস্তু নহয়। তেওঁ ভাগ্যত লিখা থাকে।যদি মোৰ ভাগ্যত লিখা আছে তেন্তে ইমান দিনে হৈ গ’ল হয়। যেতিয়া ভাগ্যই আমাক লগ কৰিব তেন্তে এনে হ’ব আৰু বয়স মাত্ৰ এটা সংখ্যা।”
লগতে পঢ়ক: অস্কাৰৰ নিয়মত বৃহৎ পৰিৱৰ্তন; অভিনেতাসকলক লৈ আহি গ’ল নতুন নিৰ্দেশ









