শপত গ্ৰহণৰ পিছতে লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেৰন্ত ছোৰেনে। প্ৰতিমাহে মহিলাসকলৰ একাউন্টত সোমাব ২৫০০ টকা কৈ।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে কয় যে ডিচেম্বৰৰ পৰা ‘মাইয়া সন্মান যোজনা’ৰ অধীনত প্ৰতিগৰাকী মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব ২,৫০০ টকা।
বৰ্তমান, চৰকাৰখনে এই আঁচনিৰ অধীনত ১৮-৫০ বছৰ বয়সৰ মহিলাসকলক ১০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে।
ছোৰেনে তেওঁৰ চৰকাৰৰ কেবিনেটৰ প্ৰথম বৈঠকৰ পিছত সাংবাদিকক কৈছিল যে “আমি ইতিমধ্যে সিদ্ধান্ত লৈছিলো যে ডিচেম্বৰৰ পৰা এই আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলা হিতাধিকাৰীক ২,৫০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। ডিচেম্বৰৰ পৰা, প্ৰতি মাহে মহিলা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এই পৰিমাণ জমা কৰা হ’ব” ।