শৰদ যাদৱ গোটে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে।দলটোৱে ৪৫ জন প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে।এনচিপি (এছপি)ৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিলে প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। শৰদ গোটে জয়ন্ত পাটিলক ইছলামপুৰ বিধানসভা আসনৰ পৰা , অনিল দেশমুখক কাটোলৰ পৰা, ৰাজেশ টোপেক ঘানচাৱাংগীৰ পৰা আৰু বালাচাহেব পাটিলক কাৰাড নৰ্থ আসনৰ পৰা টিকট দিছে।
